কাৰ্বিআংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন আত্মসহায়ক গোটৰ স্ব-উৎপাদিত সামগ্ৰীসমূহক স্থানীয় ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ উদ্দেশ্য টুম্প্ৰেঙত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ উদ্যোগত ‘বহাগী মেলা’ৰ আয়োজন কৰা হৈছে।
এই ‘বহাগী মেলা’ৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা আত্মসহায়ক গোটসমূহে চৰকাৰৰ ‘গ্ৰামীণ জীৱিকা মিছন’ৰ তৰফৰ পৰা লাভ কৰা বিভিন্ন সহায়-সহযোগিতাৰে উৎপাদন কৰা সামগ্ৰী সমূহ প্ৰদৰ্শন আৰু বিক্ৰীৰ সুযোগ পায় ৷
ৰংখাং আৰু ছচেং উন্নয়ন খণ্ডৰ দুকুৰিতকৈ অধিক বিপনীয়ে এই ‘বহাগী মেলা’ অংশগ্ৰহণ কৰে৷ ‘বহাগী মেলা’ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক ৰূপছিং টেৰনে।
লগতে পঢ়কঃ২৩এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং