প্ৰতিনিধিত্বমূলক ফটো

কাৰ্বিআংলংঃ সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত খেজুৰ গাঁৱৰ ২১ বছৰীয়া প্ৰিয়ংকা লোহাৰ। সোমবাৰে নিশা স্বামী চনু লোহাৰৰ সৈতে হোৱা পাৰিবাৰিক কন্দলৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছিল প্ৰিয়ংকা৷

আজি পুৱা খেজুৰ গাঁৱৰ নদীৰ পাৰত উৱলি যোৱা অৱস্থাত স্থানীয় ৰাইজে এটা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ডকমকা থানাৰ উপ-পৰিদৰ্শক বুবুল সোণোৱালৰ নেতৃত্বত আৰক্ষীৰ দলে মৃতদেহটো উদ্ধাৰ কৰে লগতে কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো চনু লোহাৰৰ পত্নী প্ৰিয়ংকা লোহাৰ বুলি চিনাক্ত কৰা হয়।

মৃতদেহ উদ্ধাৰৰ পিছতেই আৰক্ষীয়ে প্ৰিয়ংকাৰ স্বামী চনু লোহাৰক আটক কৰিছে। এতিয়া প্ৰশ্ন হয় সোমবাৰৰ পৰা পত্নী নিৰুদ্দেশ হৈ থকাৰ পাছতো কিয় আৰক্ষীৰ কাষ চপা নাছিল চনু লোহাৰ? আনকি পত্নীক শাৰীৰিক নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰিয়ংকাৰ পৰিয়ালৰ লোকে এইয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

লগতে পঢ়কঃৰাষ্ট্ৰপতিৰ নিছানেৰে সন্মানিত হ’ব অসম আৰক্ষী,শুভ বাৰ্তা বিয়পাই বাইক ৰেলীৰে বোকাখাত উপস্থিত IPS আনন্দ মিশ্ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply