ডিফু: নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বাবে তীব্ৰ বাক্যবান আৰম্ভ হৈছে পাহাৰীয়া জিলা খনত।
কাৰ্বি পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাংঙ লগতে কাৰ্যবাহী সদস্য সকলক এ পি এইচ এল চিৰ অধ্যক্ষ জন ইংতিৰ কাঠাৰে বান্দৰৰ লগত তুলনা কৰাক লৈ তীব্ৰ প্ৰতিবাদ জনাইছে শাসকীয় বিজেপিয়ে।
উক্ত ঘটনাৰ কেন্দ্ৰ কৰি এ পি এইচ এল চিৰ অধ্যক্ষ জন ইংতিৰ কাঠাৰৰ বিৰুদ্ধে খেৰণি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
আাজি পশ্চিম কাৰ্বি আংলং কঁপিলী বি জে পি মণ্ডল সমিতিৰ উদ্যোগত খেৰণি আৰক্ষী চকীত এ পি এইচ এল চিৰ অধ্যক্ষ জন ইংতিৰ কাঠাৰৰ বিৰিধে খেৰণি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে কঁপিলী বি জে পি মণ্ডল সমিতিৰ কাৰ্য্যালয়ত এখনি সংবাদ মেল আয়োজন কৰি এ পি এইচ এল চিৰ অধ্যক্ষ জন ইংতিৰ কাঠাৰৰ বিৰিধে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।
লগতে আগন্তুক দিন বোৰত পাহাৰীয়া জিলা খনত বসবাস কৰা লোক সকলৰ মাজত কোনো ধৰণৰ বিভান্তি মূলক বাৰ্তা নিদিবলৈ সকীয়নী প্ৰদান কৰে । কাৰ্বি পৰিষদ ৭ নং কঁপিলী পৰিষদৰ সদস্য পৱন কুমাৰে সংবাদ মেলত বি জে পি দলৰ জিলা পৰ্যায়ৰ আৰু মণ্ডল ৰ লগতে বুট সমিতিৰ দলীয় কৰ্মী উপস্থিতি থাকে ।
শেহতীয়াকৈ কাৰ্বি পাহাৰত অনা কাৰ্বিসকলে দপদপনি চলোৱাৰ কথা কৈ ৰাইজৰ মাজত বিভেদৰ সৃষ্টি কৰাৰ এচামে প্ৰয়াস কৰিছে বুলি মন্তব্য কৰিছে। এনেবোৰ কথাই শান্তি ঘুৰি অহা অঞ্চলটোত অশান্তি হোৱাৰ সম্ভাবনা থাকে বুলি উল্লেখ কৰি এনে কাৰ্যৰ পৰা আতৰি থাকিবলৈ কাৰ্বি পৰিষদ ৭ নং কঁপিলী পৰিষদৰ সদস্য পৱন কুমাৰে আহ্বান জনাই।
লগতে পঢ়ক- বোকাজানত বিধ্বংসী অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি ভস্মীভূত