বিধায়ক ৰূপসিং টেৰণ

বৈঠালাংছ: পশ্চিম কাৰ্বি আংলংৰ সীমাতে থকা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমান্তত সঘনে হৈ থকা সীমা বিবাদ সন্দৰ্ভত বুজ ল’বলৈ বৈঠালাংছৰ বিধায়ক ৰূপসিং টেৰণ আজি পুৱাতে উপস্থিত হয় চিনথংত ৷

নিজ গৃহ সমষ্টিৰ অন্তৰ্গত তথা KAAC ৰ পৰিষদীয় সমষ্টিৰ মেঘালয়ৰ সীমান্তৱৰ্তী চিনথংৰ স্থানীয় গাওঁবুঢ়া আৰু বয়োজ্যেষ্ঠ নাগৰিক সকলৰ সৈতে সীমা সমস্যা সম্পৰ্কত মতবিনিময় কৰে বিধায়ক টেৰণে৷

সীমাত অব্যাহত থকা চেপা উত্তেজনাৰ সন্দৰ্ভত সকলোৱে শান্তি- সমপ্ৰীতি অটুট ৰখাৰ বাবে আহ্বান জনায় বিধায়ক গৰাকীয়ে৷ৰাজ্য চৰকাৰে দুই ৰাজ্যৰ সীমা সমস্যাৰ বাবে সময়োচিত পদক্ষেপ লৈছে বুলিও প্ৰকাশ কৰে টেৰণে৷

সীমান্ত এলেকাত সুৰক্ষাবাহিনীৰ সংখ্যা বৃদ্ধি কৰি স্থানীয় ৰাইজক সুৰক্ষা দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই ৷

সীমান্তত বসবাস কৰি থকা কাৰ্বি আংলংঙৰ জনতাই মেঘালয়লৈ যাব খুজিলে যাব পাৰিব বুলি মন্তব্য কৰাৰ লগতে বিধায়ক গৰাকীয়ে কয় ,কিন্তু সেইসকল লোকে লগত মাটি লৈ যাব নোৱাৰে ৷ আনহাতে মেঘালয়ৰ পৰাও মানুহ আহিব পাৰে কিন্তু তেওলোকেও লগত মাটি লৈ আহিব নালাগে ৷

সীমান্ত পৰিদৰ্শনন বিধায়ক টেৰণক সংগ দিয়ে KAAC ৰ দুই কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি,ডি উপহিং মাচলাই সহ বিজেপিৰ কেইবা গৰাকী নেতাই৷

লগতে পঢ়ক অসম বিধানসভাৰ নবনিৰ্মাণৰত ভৱনটো কিয় ভাঙিব লগা হ’ল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply