ডিফু: ডিমাছা উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাৰ বিৰুদ্ধে গৰজি উঠিল কাৰ্বি আংলং মটৰ ট্ৰান্সপোৰ্ট ৱৰ্কাচ এণ্ড ড্ৰাইভাৰ ইউনিয়ন৷
উল্লেখ্য যে ২৬আগষ্টত ডিমা হাচাও জিলাৰ দিয়ুংমুখত সন্দেহযুক্ত ডিমাচা উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হৈছিল ৫ জনকৈ ট্ৰাক ড্ৰাইভাৰ ক্ৰমে গৌৰী মজুমদাৰ,দিলোৱাৰ হুছেইন, সিকন্দৰ আলী,অজগৰ আলী আৰু মহেন্দ্ৰ কুমাৰ পাৰটেৰ৷
মঙলবাৰে ডিফু চহৰৰ ডিফু ট্ৰাক পাৰ্কিং চৌহদত ছহিদ ট্ৰাক ড্ৰাইভাৰ কেইজনৰ আত্মাৰ সদ্গতিৰ বাবে কাৰ্বি আংলং মটৰ ট্ৰান্সপোৰ্ট্ ৱৰ্কাচ এণ্ড ড্ৰাইভাৰ ইউনিয়নে সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেছন সহযোগত আয়োজন কৰে সমুহীয়া শ্ৰদ্ধাঞ্জলী অনুষ্ঠান৷
সমবেত ট্ৰাক ড্ৰাইভাৰ -শ্ৰমিক সকলে উগ্ৰপন্থীৰ হঠকাৰী কাৰ্য বিৰুদ্ধে সোচ্ছাৰ হৈ বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে৷
শীৰ্ঘে উগ্ৰপন্থী দলটোক আটক কৰি বলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে মৃত ট্ৰাক ড্ৰাইভাৰৰ দুৰ্ভগীয়া পৰিয়ালক এককালীন সাহায্য দিবলৈ KAAC আৰু অসম চৰকাৰৰ ওচৰত দাবী জনায়৷
লগতে পঢ়ক তিনিগৰাকী মহিলাকে ধৰি নগৰাকী নতুন ন্যায়াধীশৰ শীৰ্ষ আদালতৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ