ডিফু: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ হাতত এটা নতুন বিভাগ অৰ্পন কৰিলে ৰাজ্য চৰকাৰে। বৰ্তমান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত থকা ৩০ বিভাগত আজিৰে পৰা সংযোগ হ’ল এটা নতুন বিভাগ।
আজিৰে পৰা খনি আৰু খনিজ বিভাগো যোগ দিয়াত কেএএচিৰ অধীনত মুঠ বিভাগৰ সংখ্যা ৩১ লৈ বৃদ্ধি হয়। কাৰ্বি আংলঙত অতিৰিক্ত খনিজ সম্পদ বৰ্তমান জমা আছে যিটো অব্যৱহৃত হৈ আছিল।
নতুন বিভাগটো মুকলি হোৱাৰ পিছত এতিয়াৰ পৰা কামকাজ সুচল হ’ব বুলি আশা কৰা হৈছে। খনিজ পদাৰ্থব্যৱহাৰৰ পৰা প্ৰাপ্ত ৰয়েলটিয়ে পাহাৰৰ জিলাত সমৃদ্ধি যোগ কৰিব।
অনুষ্ঠানত কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে।
লগতে পঢ়ক – বিশিষ্ট কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাৰ দেহাৱসান