কাৰ্বিআংলংঃ কাৰ্বি আংলং জিলাৰ ডিফুত আজি ৬ টাকৈ প্ৰাক্তন বিদ্ৰোহী সশস্ত্ৰ সংগঠন গোটৰ যুটীয়া সংবাদ মেল।

সংবাদ মেলত কাৰ্বি শান্তি চুক্তিক বিৰোধীতা APHLC’ৰ নেতা জন ইংতি কাথাৰ আৰু JACAS নামৰ সংগঠনৰ নেতা খৰছিং টেৰণক কঠোৰ সমালোচনা প্ৰাক্তন বিদ্ৰোহী সশস্ত্ৰ গোটৰ।

বিগত ৪ ছেপ্তেম্বৰত দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলাখনৰ ৬টাকৈ সশস্ত্ৰ সংগঠনৰ নেতৃত্বৰ সৈতে কাৰ্বি শান্তি চুক্তিৰ স্বাক্ষৰিত হোৱাৰ পাচতেই দুই পাৰ্বত্য জিলাত অশান্তিৰ পৰিৱেশেৰে জিলাখনত জৰ্জৰিত সৃষ্টি কৰিছিল APHLC ৰাজনৈতিক দল আৰু JACAS সহ ২৪টা তকৈ অধিক সংগঠনে।

লগতে পঢ়কঃলংজাপ পঞ্চায়তৰ আঁচনি ৰূপায়নত ব্যাপক অনিয়ম

কাৰ্বি শান্তি চুক্তিৰ পাচতেই দুই পাৰ্বত্য জিলাত বিশেষকৈ এপিএইছএলচি(APHLC) আৰু জাকাছ(JACAS) সহ বহুকেইটা সংগঠনে সশস্ত্ৰ সংগঠনৰ শান্তি চুক্তিৰ বিৰোধীতা কৰি জিলাখনত এক প্ৰকাৰে অশান্তৰ সৃষ্টি কৰা কাৰ্য্যক অতি শীঘ্ৰে বন্ধ কৰিবলৈ এক প্ৰকাৰৰ চৰম সকীয়নি প্ৰদান কৰিছে শান্তি চুক্তি স্বাক্ষৰিত ৬টাকৈ প্ৰাক্তন বিদ্ৰোহী সশস্ত্ৰ গোটে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply