বৈঠালাংছ‘ঃ “শৰত কালৰ ৰাত্ৰি অতি বিতোপন ৷ ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।” ৷ ৰাজ্যত ঠায়ে ঠায়ে এতিয়াও ৰাসৰ উখল-মাখল পৰিৱেশ। খোল-তালৰ শব্দৰে মুখৰিত চৌদিশ। বকুল বৃন্দাবনলৈ ৰূপান্তৰিত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেং অঞ্চল।
টুম্প্ৰেং আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত টুম্প্ৰেং বৰ নামঘৰৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰা হৈছে ৰাস মহোৎসৱৰ। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি টুম্প্ৰেঙৰ এই ৰাস মহোৎসৱত কাৰ্বি, বড়ো, ডিমাচা, নেপালী, মণিপুৰী, বেংগলী আদি সকলোয়ে সমানে সহায় সহযোগিতা আগবঢ়ায়।
লগতে পঢ়কঃনগাঁৱত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত
উল্লেখযোগ্য যে, ৰাসক্ৰীড়াত অংশ গ্ৰহণ কৰা গোপীসকলে প্ৰত্যেকেই নিজস্ব পৰম্পৰাগত জাতীয় সাজ-পাৰ পৰিধান কৰি ৰাসলীলা প্ৰদৰ্শন কৰে।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে পুৱা ধৰ্ম-ধ্বজা উত্তোলন, বিভিন্ন প্ৰতিযোগিতা, ধৰ্মীয় আলোচনা চক্ৰৰ লগতে নিশা ভাগলৈ গায়ন-বায়নেৰে কৃষ্ণৰ ৰাসলীলা সম্পন্ন হৈ যায়।
শুক্ৰবাৰে নিশা অনুস্থানৰ লগত সংগতি ৰাখি অসমৰ উদীয়মান গায়িকা দ্বিপলীনা ডেকাৰ এক সংগীতানুষ্ঠানো অনুস্থিত হয়।