কাৰ্বি আংলংঃ সমগ্ৰ দেশৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলংটো ১১ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত ৷ এক সংবাদমেলত লোক আদালত সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি আয়োজক
মুখপাত্ৰই কয় যে ৰাষ্ট্ৰীয় লোক আদালতত জিলাখনৰ মুঠ ১৩০০ টা গোচৰ নিস্প্ৰতি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ কৰ্টৰ গোচৰৰ লগতে বেংক, APDCL, DC অফিচৰ গোচৰ সমূহো লোৱা হ’ব লোক আদালতত ৷

একেদৰে যান-বাহন গোচৰ সমূহো নিস্প্ৰতি কৰা হ’ব বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে ৷ ইতিমধ্যে সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰা কৰিছে যদিও যোগাযোগ কৰিবৰ বাবে লোক আদালতে এটি ম’বাইল নম্বৰ মুকলি কৰিছে ৷ নম্বৰটো হ’ল ৬৯ ০১২৮১৬৩৬৷

লগতে পঢ়কঃঅত্যাধিক বোজা কঢ়িওৱা ট্ৰাকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে হোজাই পৰিবহণ বিভাগে

উল্লেখ্য যে লোক আদালত অফলাইন আৰু অনলাইন দুয়ো পদ্ধতিৰে অনুষ্ঠিত হ’ব৷ এনে ক্ষেত্ৰত ক’ভিড কেন্দ্ৰিক পৰিবেশৰ বাবে কোনোৱে আদালতলৈ নহাকৈয়ে অনলাইনৰ জৰিয়তে আদালতৰ শুনানিত অংশ ল’ব পাৰিব৷ ইয়াৰ বাবে মুকলি কৰি দিয়া হ’ব গুগল মিটৰ লিংক৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply