গুৱাহাটী : জিলাৰ ৰহাৰ খাইগড়াত প্ৰকাশ বৰঠাকুৰ নামৰ এজন লোকৰ ঘৰত এগৰাকী ১২ বছৰীয়া কাৰ্বি শিশুৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ তিনি মাহ পাৰ হৈ গৈছে। মঙলবাৰে, গুৱাহাটী উচ্চ ন্যায়ালয়ে নিহত কিশোৰী গৰাকী মাতৃৰ শুনানি গ্ৰহণ কৰাৰ পিছত অহা ২২ জুলাইৰ ভিতৰত নগাঁও আৰক্ষীক চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
ইয়াৰ পূৰ্বে যোৱা ১৬ জুলাইত ন্যায়াধিশ প্ৰশান্ত কুমাৰ ডেকাই শিশুসকলক বনকৰা শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি অহাৰ বিৰুদ্ধে গৃহ বিভাগক এক সমন্বিত কাৰ্য্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।
নিহত শিশুটিৰ মাতৃ বাছপি ক্ৰোপিৰ অধিবক্তা ৰবিসিং ৰংহাঙে জনোৱা মতে জুন মাহত অসম চৰকাৰে বিষয়টোৰ তদন্তৰ বাবে আৰু অধিক সময় বিচাৰিছিল। ‘তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰাত বিলম্ব হৈ থকাৰ ফলত যথেষ্ট প্ৰমাণ থকাৰ পিছতো অভিযুক্তই যে জামিন পাবলৈ সক্ষম হৈছে সেই কথা আমি ন্যায়ালয়ক অৱগত কৰিছো,’ ৰংহাঙে কয়।
অসম চৰকাৰে এতিয়াও কিশোৰী গৰাকীৰ মৃত্যু সম্পৰ্কত মধ্য অসম সংমণ্ডল আয়ুক্ত মলয় বৰা নেতৃত্বত গঠিত এজনীয়া তদন্ত কমিটিৰ প্ৰতিবেদন ন্যায়ালয়ত দাখিল কৰা নাই বুলি অধিবক্তা গৰাকীয়ে জানিবলৈ দিয়ে।
নগাঁও আৰক্ষী আৰু প্ৰাৰম্ভিক ফৰেনচিক পৰীক্ষাৰ ফলাফলে শিশুটিৰ ওপৰত যৌন নিৰ্য্যাতন চলাৰ অভিযোগ নাকচ কৰিছে যদিও ফৰেনচিক বিভাগে এতিয়াও তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰা নাই বুলি ৰংহাঙে কয়।
লগতে পঢ়ক : আজিৰ পৰা ৭ দশকৰ পূৰ্বে অলিম্পিকত ভাৰতক নেতৃত্ব দিছিল এইগৰাকী অসম সন্তানে
ৰংহাঙে লগতে কয়, ‘মৃতদেহ ওপৰত অতিৰিক্ত পৰীক্ষা কৰা হৈছিল। তাৰ ফলাফল বিলাক আমি এতিয়াও পোৱা নাই। অসম চৰকাৰক এই সকলো বিলাক প্ৰতিবেদন ৰেকৰ্ডত ৰাখিবলৈ আমি আবেদন জনাইছো।’
গুৱাহাটী উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু নিমিষ মহাজনে শিশুটিৰ পৰিয়ালৰ হৈ আইনী যুঁজ আগবঢ়াইছে। নিমিষ মহাজনৰ মতে ন্যয়ালয়ে অহা ২৮ জুলাইত দ্বিতীয় শুনানিৰ দিন ধাৰ্য্য কৰিছে।
১৬ জুলাইত অধিবক্তা কেইগৰাকীয়ে ন্যয়ালয়ত গোচৰটো অনুসূচিত জাতি/অনুসূচিত জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন, ১৯৮৯-ৰ কঠোৰ প্ৰয়োগ আৰু উক্ত আইনৰ ধাৰা নং ১৫ ৰ অধীনত এগৰাকী বিশেষ আইনী বিষয়া নিয়োগ কৰিবলৈ আবেদন জনায়।
আনহাতে, নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিম্ন আদালতত গোচৰটোৰ চাৰ্জশ্বীত সময়মতে দাখিল কৰা হৈছে বুলি ইষ্টম’জ’ক জানিবলৈ দিয়ে। ইপিনে, চৰকাৰী অধিবক্তা কে গোস্বামীয়ে আদালতত জনাই যে ভুক্তভোগীৰ পৰিয়ালৰ বাবে ৮.২৫ লাখ টকাৰ ক্ষতিপুৰণ অনুমোদন কৰা হৈছে।
ইংৰাজীত পঢ়ক : Karbi girl murder: Gauhati HC asks govt to submit chargesheet by July 22