roha incident victim family
বৈঠালাংছুৰ কুদাম ৰংহাং গাঁৱৰ চাৰ্থে ৰংহাং আৰু বাচাপী ক্ৰ’পীৰ ঘৰ

বৃহস্পতিবাৰে আৱেলি নগাঁও জিলাৰ ৰহাত উদ্ধাৰ হৈছিল এটি ১২ বছৰীয়া শিশুৰ জ্বলি এঙাৰ হৈ যোৱা মৃতদেহ। মৃতদেহটো পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছুৰ কুদাম ৰংহাং গাঁৱৰ চাৰ্থে ৰংহাং আৰু বাচাপী ক্ৰ’পীৰ জীয়ৰীৰ।

কি ঘটিছিল?

আজিৰ পৰা ৫ বছৰ পূৰ্বে নগাঁও জিলাৰ ৰহাৰ খাইগড় গাঁৱৰ প্ৰকাশ বৰঠাকুৰ আৰু ৰীনা বৰঠাকুৰে শিশুটিক স্কুলত নাম লগাই দিয়াৰ প্ৰতিশ্ৰুতি দি মাত্ৰ ৭ বছৰ বয়সতে মাক-দেউতাকৰ কাষৰ পৰা নিজৰ ঘৰলৈ আনি বনকৰা ছোৱালী হিচাপে ৰাখিছিল। ৰহাৰে আন এটা পৰিয়ালৰ ঘৰত নিজৰ ডাঙৰ জীয়ৰীক ৰখা দুৰ্ভগীয়া মাক-দেউতাকে হয়তো কাহানিও কল্পনা কৰা নাছিল যে তেওঁলোকে এদিন নিজৰ ১২ বছৰীয়া জীয়ৰীৰ জ্বলি যোৱা মৃতদেহ দেখিবলৈ পাব।

ঘটনা সন্ধৰ্ভত শুকুৰবাৰে ৰহা আৰক্ষীয়ে প্ৰকাশ বৰঠাকুৰ আৰু তেখেতৰ ৩৮ বছৰীয়া অবিবাহিত পুত্ৰ নয়নমণি বৰঠাকুৰক আটক কৰে। আৰক্ষীয়ে অভিযুক্ত দুজনে শিশুটিক অত্যাচাৰ চলাই হত্যা কৰা বুলি সন্দেহ কৰাৰ বিপৰীতে অভিযুক্তৰ মতে ছোৱালীজনীয়ে আত্মহত্যা কৰিছে। ইতিমধ্যে, ভুক্তভোগীৰ অগ্নিদগ্ধ মৃতদেহ সামাজিক মাধ্যমসমূগত ভাইৰেল হৈ পৰিছে, মৃতদেহৰ কাষত আছিল এটা কেৰাছিন তেলৰ পাত্ৰ আৰু দুটা জুইশলা বাহ।    

ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসৰ মতে ঘটনাৰ তদন্ত চলি আছে, দুদিনৰ ভিতৰত ফৰেনচিক পৰীক্ষাৰ ফলাফল আহিব। ‘আমি প্ৰকাশ বৰঠাকুৰ আৰু তেখেতৰ পুত্ৰ নয়নমণিক হত্যাৰ অভিযোগত ৩০২ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছো‘, তেওঁ কয়।

এই ঘটনাই আন এটা কথা পোহৰলৈ আনিছে, সেয়া হ’ল কাৰ্বি আংলং জিলাৰ কমেও ৫০০০ শিশু নগাঁৱৰ বিভিন্ন অৱস্থাসম্পন্ন লোকৰ ঘৰত শিশু শ্ৰমিক হিচাপে কাম কৰি আছে।

লগতে পঢ়ক : নগাঁৱত ১২ বছৰীয়া কিশোৰীৰ জ্বলি এঙাৰ হোৱা মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

দুখন ভাগৰুৱা হাত

মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ জিলা সম্পাদক লক্ষিপ্ৰসাদ ডেকাই জনোৱা মতে ভুক্তভোগী ছোৱালীজনীৰ বায়েক ওচৰৰে এখন গাঁৱত বনকৰা ছোৱালী হিচাপে আছিল। ‘তাইক স্থানীয় এখন বিদ্যালয়ত নাম লগাই দিয়া হৈছিল যদিও তাই বনকৰা ছোৱালী হিচাপেহে কাম কৰিছিল। পৰিয়ালটো যথেষ্ট দুখীয়া। আমি জনাত ছোৱালীজনীৰ বয়স মাত্ৰ ৭ বছৰ হৈ থাকোতেই বৰঠাকুৰৰ পৰিয়ালে নিজেই গাঁওখনলৈ গৈ তাইক লৈ আনিছিল। শিশুটিৰ মাকৰ মতে যোৱা ৫ বছৰত তেওঁ এবাৰো নিজৰ কন্যাক চাবলৈ পোৱা নাছিল।‘ লক্ষিপ্ৰসাদ ডেকাই কয়।

নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অভিজিৎ ক্ৰ’ই কয় যে নগাঁৱৰ পৰা কাৰ্বি ল’ৰা-ছোৱালীবিলাকৰ নিথৰ দেহ কঢ়িয়াই তেওঁৰ দুহাত ভাগৰি পৰিছে। তেওঁ কয়, ‘নগাঁৱৰ জিলাৰ ঘৰৰ মালিকবিলাকে চলোৱা এনে বহু ধৰ্ষণ, নিৰ্য্যাতনৰ ঘটনাৰ বিষয়ে মই নিজেই গম পাঁও। ৫ৰ পৰা ১৪ বছৰ বয়সৰ বহু কাৰ্বি ল’ৰা-ছোৱালীয়ে নগাঁৱত শিশু শ্ৰমিক হিচাপে কাম কৰি আছে। শিক্ষাদান আৰু এক ভাল জীৱনৰ সপোন দেখুৱাই মাক-দেউতাকৰ ওচৰৰ পৰা ল’ৰা-ছোৱালীবিলাকক এবাৰ লৈ যোৱাৰ পিছত তেওঁলোকক আৰু কেতিয়াও ঘৰলৈ আহিবলৈ দিয়া নহয়। কিছুমানৰ উপাধি পৰ্য্যন্ত সলনি কৰি দিয়া হয়।‘

প্ৰতি বছৰে কেৱল নগাঁও জিলাতেই ১০ৰ পৰা ২০টা পৰ্য্যন্ত কাৰ্বি সম্প্ৰদায়ৰ শিশুৰ মৃত্যুৰ ঘটনা ঘটি আহিছে। ‘ইমান দিনে এই ল’ৰা-ছোৱালীবিলাকৰ মৃতদেহবিলাক তেওঁলোকৰ পৰিয়ালৰ লোকক গতাই মোৰ হাত দুখন ভাগৰি পৰিছে।‘ তেওঁ লগতে কয়।

মূল লেখা : Assam: Karbi girl’s killing exposes horrors of child abuse in Nagaon

এখন ভয়াৱহ ছবি

এই ঘটনাই আমাৰ সন্মুখলৈ এখন অতি উদ্বেগজনক ছবি লৈ আনিছে। শুকুৰবাৰে নগাঁৱৰ জিলাৰ কেইবাটাও কাৰ্বি সংগঠন, ছাত্ৰ সংগঠন আৰু স্থানীয় মহিলাসকলে খাইগড় গাঁৱত উপস্থিত হৈ স্থানীয় প্ৰশাসনক পঢ়াম বুলি কৈ সৰু ল’ৰা-ছোৱালীক ঘৰুৱা কামত খটোৱা জিলাখনৰ অৱস্থাসম্পন্ন পৰিয়ালমূহত অভিযান চলাবলৈ দাবী জনায়।

‘এইটো এটা মৰ্মান্তিক ঘটনা, নগাঁৱৰ উপৰি অসমৰ বহু জিলাত ধনী পৰিয়ালবিলাকে পঢ়াম বুলি কৈ দুখীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীবিলাকক আনি ঘৰুৱা কামত খটায়। নগাঁৱৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰায় ৫০০০ কাৰ্বি ল’ৰা-ছোৱালীৰ নামভৰ্তি কৰা আছে যদিও সেয়া নামতহে, শিক্ষাদান কৰা দেখুৱাই বেছিভাগ ধনী পৰিয়ালেই এই শিশুসকলক ঘৰুৱা কামত লগায়।‘ লক্ষিপ্ৰসাদ ডেকাই উল্লেখ কৰে।

নগাঁও কাৰ্বি ছাত্ৰ সন্থাৰ আন এগৰাকী প্ৰাক্তন সভাপতি তথা দমদমা মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা লংকিৰাম ফাংচোয়ে একেটা কথাই কয়। ছাত্ৰ সংগঠনটোত থকা সময়ছোৱাত তেওঁ এনে বহু ঘটনাৰ সাক্ষী আছিল বুলি উল্লেখ কৰি ইয়াৰ বাবে কাৰ্বি আংলঙৰ শিক্ষা ব্যৱস্থাক জগৰীয়া কৰে। ‘শিক্ষাৰ আন্তঃগাঁথনি, পৰিৱেশ, যোগ্যতা সম্পন্ন শিক্ষক, অভিভাৱকৰ মাজত সজাগতাৰ অভাৱ আৰু মূলত স্বায়ত্তশাসিত পৰিষদৰ অমনোযোগিতা ইয়াৰ বাবে দায়ী।‘ তেওঁ কয়।

নগাঁও জিলা উপায়ুক্তলৈ দিয়া স্মাৰকপত্ৰত, কাৰ্বি ছাত্ৰ সন্থা, নগাঁও জিলা তিৱা ছাত্ৰ সন্থা, নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থাই ভুক্তভোগী পৰিয়ালক ১০ লাখ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়।

মূল লেখক : অনুপম চক্ৰবৰ্তী, সাংবাদিক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply