নগাঁও: যোৱা ২২ এপ্ৰিলত নগাঁও ৰহাৰ খাইগড়াত সংঘটিত কিশোৰী অগ্নি দগ্ধ ঘটনা সম্পৰ্কে শণিবাৰে নগাঁৱত এখন সংবাদমেল অনুষ্ঠিত কৰে কাৰ্বি ছাত্ৰ সন্থাই।
ৰহা ঘটনাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিছে যদিও ৰীনা বৰঠাকুৰ নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ ৰ দাবী উত্থাপন কৰে। লগতে নগাঁও জিলাত আজিও বহু ঘৰত বনকৰা লৰা ছোৱালী হিচাপে কেইবা হাজাৰ কিশোৰ কিশোৰী আছে।
সেই সকলক অতিশীঘ্ৰে কাৰ্বি আংলং জিলালৈ ঘূৰাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলতে ঘোষণা কৰে। উল্লেখযোগ্য যে কাৰ্বি স্বায়ত্ব পৰিষদ খনে শিক্ষা বিভাগত বহু কাম কৰিবলৈ বাকী আছে বুলি এনেদৰে সমালোচনা কৰে।
কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চমচিং তগবি, সম্পাদক গৌতম টিমুঙে কাৰ্বি আংলং জিলাত উন্নয়নৰ নামত স্বায়ত্ব শাসিত পৰিষদ খনে গুৰুত্ব নিদিয়াৰ বাবেই কন কন লৰা ছোৱালীবোৰ বনকৰা কৰা হিচাবে বিভিন্ন স্থানত কাম কৰি আছে । সেইসকলক পুনৰ ওভোটাই নিয়াৰ ব্যবস্থা কৰিব বুলি দুয়োজন ছাত্ৰ নেতাই উল্লেখ কৰে ।