উগ্ৰপন্থী সংগঠনৰ ডিফুত সংবাদ মেল

ডিফু: ৪ ছেপ্তেম্বৰত নতুন দিল্লীত সম্পন হোৱা শান্তি চুক্তিত অংশ গ্ৰহণ কাৰী ৬ উগ্ৰপন্থী সংগঠনৰ নেতৃত্বই আজি ডিফুত এখন সংবাদ মেল সম্বোধন কৰে ।

ডিফুৰ কাছা ষ্টেডিয়ামৰ অতিথি শালাত অনুষ্ঠিত সংবাদ মেলত কে এন এল এফৰ প্ৰচাৰ সচিব ৰজাই মন্তব্য প্ৰকাশ কৰি কয় যে ত্রিপাক্ষিক শান্তি চুক্তিয়ে জিলা খনৰ সকলো শ্ৰেণী ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিব ।

কিন্ত ইয়াক লৈ কাৰবি আংলঙত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে এপি এইচ এল চিৰ অধ্যক্ষ জন ইংতি কাথাৰে । ডেৰাই কাথাৰক এগৰাকী মানসিক ৰোগী বুলি অভিহিত কৰি অতি শীঘ্ৰে এগৰাকী মানসিক ৰোগ চিকিৎসকৰ ওচৰ চাপিবলৈ পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক ৬ অক্টোবৰৰ ভিতৰত ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ মাটিৰ দালালক বিদায় দিবলৈ নিৰ্দেশ

আনহাতে চৰকাৰ জড়িত থকা চুক্তিৰ বিৰোধিতা কৰি জন ইংতি কাথাৰে ভাৰতৰ শত্রুতা কৰিছে বুলিও মত পোষণ কৰে । তেও কাথাৰক কাৰবি আংলঙৰ সংগ্ৰামৰ ক্ষেত্র খনলৈ অৱদান কিমান বুলিও প্ৰশ্ন কৰে ।

কাৰ্বি শান্তি চুক্তিত২৪৪(ক)ধাৰা সন্নিৱিষ্ট আৰু স্বায়ত্ত্বশাসিত পৰিষদৰ ১০আসন মুকলী ৰখাৰ বিৰুদ্ধে ২৪ টাকৈ কাৰ্বি জনগোষ্ঠীয় সংগঠনে চুক্তিৰ পিছৰে পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে | ইয়াৰ ভিতৰত দুজন প্ৰতিবাদকাৰীক চৰকাৰে গ্ৰেপ্তাৰ কৰিছে । শান্তি আনিব খোজা পাহাৰীয়া জিলাখনত অশান্ত পৰিবেশে বিৰাজ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply