খেৰণী: পশ্চিম কাৰ্বি আংলংত (এ এছ ডি চি) এ পি এইচ এল চি, জাকাছ, ২৪+ সংগঠন আৰু কাৰ্বি ছাত্ৰ সংস্থাৰ বিভিন্ন গোটে লগ লাগি জিলাখনত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ আৰু সম্প্ৰদায়ৰ মাজত শান্তি সম্প্ৰতি আৰু ঐক্যতাৰ এনাজৰীৰে বান্ধি ভাতৃত্ববোধ সৃষ্টি কৰাৰ প্ৰয়াস কৰি তেওঁলোকৰ মূল দাবী পূৰণৰ বাবে গণতান্ত্ৰিক আন্দোলন পুনৰ শক্তিশালী কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
সেই উদ্দেশ্যে ঠায়ে ঠায়ে শান্তি আৰু ঐক্যতাৰ সমদল অনুষ্ঠিত কৰি আহিছে দল সংগঠন কেইটাই। ইয়াৰে অংশ হিচাপে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীটো শান্তি আৰু ঐক্যতাৰ সভা অনুষ্ঠিত কৰে দল সংগঠন কেইটাই। এ এছ ডি চি সভাপতি চন্দ্ৰ কান্ত তেৰাং, এ পি এইচ এল চি,ৰ প্ৰবক্তা আংতং ইংতি,জাকাছৰ সভাপতি খৰছিং টেৰণ, ২৪+সংগঠনৰ আহ্বায়ক লিতচং ৰংফাৰ,কাৰ্বি ছাত্ৰ সংস্থাৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰাম ছিং টকবি, কাৰবি ছাত্ৰ সংস্থাৰ চেমচন গোটৰ সম্পাদক বিশ্বজিত টেৰণ লগতে CCUৰ সভাপতি ৰবীন্দ্ৰ ৰংপি, হিলচ ট্ৰেইবেল লীক ৰ আহ্বায়ক চয় ছিং ৰংপি,কাৰ্বি আংলং যোৱা সংগঠন সভাপতি ষ্টেলীন ইংতিয়ে আঁত ধৰা সভাখন সভাপতিত্ব কৰে চয় ছিং ৰংপি,আৰু এ এছ ডি চি নেতা ছাৰ ছিং ইংলেঙে।
সভাত জাকাছ সভাপতি খৰ ছিং টেৰণে কয় যে ইতিমধ্যে কাৰ্বি আংলঙৰ ৬ বিদ্ৰোহী সংগঠন,লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ মাজত হোৱা ত্ৰি-পাক্ষিক চুক্তিখন সম্প্ৰতি কাৰ্বি ৰাইজক আভুৱা ভাৰিছে। এই চুক্তি খনৰ পৰা কাৰ্বি আংলঙৰ ৰাইজে কোনোধৰণৰ লাভম্বিত নহয়। বৰঞ্চ কাৰ্বি সকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হে কৰিছে বুলি বক্তাসকলে মন্তব্য কৰে।
লগতে পঢ়ক- ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত আহত ১০ জন
ইফালে সভাত উপস্থিত থকা ৰাজনৈতিক নেতা সকলে একমুখে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু ছয় টা বিদ্ৰোহী সংগঠনৰ মাজত হোৱা শান্তি চুক্তিৰ কোনো কাৰণতে কাৰ্বি ৰাইজৰ বাবে নহয় বুলি মন্তব্য কৰিছে।