ডিফু: কাৰ্বি আংলং জিলাৰ উগ্ৰপন্থী সমস্যা সমাধান আৰু প্ৰগতিৰ লক্ষ্যৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ছটাকৈ বিদ্ৰোহী সংগঠনৰ নেতৃবৰ্গৰে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ২৪ঘন্টা নৌহৌওতেই কাৰ্বি আংলং জিলাত চুক্তিৰ বিৰুদ্ধে গৰজি উঠিল বহু কেইটা কাৰ্বি জনগোষ্ঠীয় সংগঠন৷
কাৰ্বি শান্তি চুক্তিত২৪৪(ক)ধাৰা সন্নিৱিষ্ট আৰু স্বায়ত্ত্বশাসিত পৰিষদৰ ১০আসন মুকলী ৰখাৰ বিৰুদ্ধে ২৪ টাকৈ কাৰ্বি জনগোষ্ঠীয় সংগঠনে সোমবাৰে ডিফু চহৰৰ মাজমজিয়াত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷
ইয়াৰ লগতে ২৪ প্লাছ অৰ্গেনাইজেশ্বনৰ উদ্যোগত শতাধিক প্ৰতিবাদকাৰীয়ে ডিফুৰ ছেমছনছিং সোৱঁৰণি উদ্যানত মিলিত হৈ KAAC ৰ১০ খন আসন মুকলি কৰাৰ সিদ্ধান্ত বাতিল কৰা আৰু ২৪৪(ক)ৰূপায়নৰ প্ৰসংগ সন্নিৱিষ্ট কৰিবলৈ দাবী তোলে অন্যথাই তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ৷
প্ৰতিবাদী আন্দোলনে গা কৰি উঠাৰ পিছত আজি ডিফু ফাৰমাৰ এছ’চিয়েশ্বনৰ সভাপতি অভিনাশ ৰংহাং আৰু আন্দোলনকাৰী সংগঠন সমুহৰ শীৰ্ষ নেতা জে এন কাথাৰক আৰক্ষীয়ে আটক কৰে৷ আটকাধীন নেতা দুজনে সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ কৰি কয় এই গ্ৰেপ্তাৰৰ আঁৰত KAAC ৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ হাত আছে ৷
ডিফু ফাৰমাৰ এছ’চিয়েশ্বনৰ সভাপতি অভিনাশ ৰংহাঙে গ্ৰেপ্তাৰ বিৰুদ্ধে কয়, ” মোক গ্ৰেপ্তাৰ কৰা মানে কাৰ্বি জন-জাতিক গ্ৰেপ্তাৰ কৰিছে আৰু এনেকৈ জাতিটোৰ বাবে এবাৰ নহয় দহ বাৰ জেললৈ জাবলৈ প্ৰস্তুত আছো” ৷
লগতে পঢ়ক ভিষ্টাডোম ট্ৰেইনৰ চলাচল বৰাক উপত্যকা পৰ্য্যন্ত সম্প্ৰসাৰণৰ দাবী লামডিং ব্ৰডগজ ৰূপায়ণ সংগ্ৰাম সমিতিৰ