ডিফু: প্ৰত্যেক বছৰৰ দৰে এই বছৰো কাৰ্বি লামেত আমাই পালন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ডংকামোকামৰ ডংকাচাৰপত । অহা ২৩ মাৰ্চ ৰ পৰা ২৬ মাৰ্চলৈ তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগীয়া কাৰ্বি লমেত আমাই ।
অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ বাবে দ্ৰুত গতিত কাম কৰা হৈছে বুলি জানিব দিয়ে কাৰ্বি লামেঁত আমাই উৎযাপন সমিতিৰ তৰফৰ পৰা। ইতিমধ্যে প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। ২৫ মাৰ্চত অসমৰ মু্খ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিব দিয়ে পৰিচালনা সমিতিৰ সভাপতি মঙ বেয়ে।

উল্লেখ্য যে ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে এই অনুষ্ঠানটো পিছুৱাব লগা হৈছিল। ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্বি সাহিত্য সভা অৰ্থাৎ কাৰ্বি লামেত আমাই অনুষ্ঠানত প্ৰায় ৩ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰিব বুলি আশা কৰিছে আয়োজক সমিটিয়ে। এই অনুষ্ঠানৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য আগবঢ়াইছে।