ডিফু: পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ সদৰ হামৰেণত কাৰ্বি ছাত্ৰ সন্থাৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

কাৰ্বি জনগোষ্ঠীৰ অন্যতম ধ্বজাবাহক কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেণ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিশেষকৈ চাৰিটা সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷


তিৰকিমৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অন্তৰ্গত আদৰ্শ বিদ্যালয় এতিয়াও অসম্পূৰ্ণ হৈ ৰোৱাত ক্ষোভ প্ৰকাশ কৰে৷
হামৰেণ পুৰণা বজাৰস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰিদৰ্শন ভৱন আজিও অসম্পূৰ্ণ হৈ ৰোৱা বিষয়টোত প্ৰতিবাদকাৰীসকলে উল্লেখ কৰি শীঘ্ৰেই সমাধান কৰিবলৈ দাবী জনাই৷


তদুপৰি হামৰেণ পৌৰসভাৰ অন্তৰ্গত কেন্দ্ৰীয় প্ৰেক্ষাগৃহৰ কাম, আৰু টিছ’ আংলঙৰ অসম্পূৰ্ণ হৈ থকা পৰ্য্যটন ভৱনৰ লগতে হামৰেণ পৌৰসভাৰ অন্তৰ্গত বাট-পথৰ অনুন্নত পৰিৱেশক লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

কাৰ্বি ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচীত নটাকৈ সংগঠনে প্ৰত্যক্ষভাৱে সহযোগ কৰে ৷

লগতে পঢ়ক-আলফা -চৰকাৰৰ আলোচনাত প্ৰয়োজন হ’লে সহায় কৰিব বীৰ লাচিত সেনাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply