ডিফু: কাৰ্বি আংলং জিলাৰ তাৰালাংচ’ত চলি থকা ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি তৃতীয় দিন । কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুকলী কৰা মহোৎসৱত বহু সংখ্যক ৰাইজে অংশ লৈছে।

কাৰ্বি কালচাৰেল ছ’ছাইটিৰ অন্তৰ্গত ৩০ টা জনৰ প্ৰতিযোগী সকলে বৰ্ণাঢ্য সাংস্কৃতিক সমদল উলিয়াই । এই অনুষ্ঠানত কাৰ্বি ৰজাক কাৰ্বি কালচৰেল ছছাইটিয়ে সম্বৰ্ধনা জনাই ।

কাৰ্বি যুৱ মহোৎসৱ

প্ৰত্যেক বছৰৰ দৰে এইবাৰ কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ বাবে ১৫ ফেব্ৰুৱাৰীত অনুস্থিত নোহোৱা কাৰ্বি যুৱ মহোৎসৱ এতিয়া অনুষ্ঠিত হৈছে। এইবাৰ মহোৎসৱত কাৰ্বি আংলংৰ বিভিন্ন প্ৰান্তৰ উপৰিও অসমৰ অন্যান্য জিলাৰ ৩০টা মাণ্ডলিক সমিতিয়ে অংশ গ্ৰহন কৰিছে।

কাৰ্বি যুব মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অংশ ল’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক- নুনমাটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষয়ক্ষতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply