প্ৰত্যেক বছৰৰ দৰে এইবাৰ কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ বাবে যোৱা ১৫ ফেব্ৰুৱাৰীত অনুস্থিত নহল কাৰ্বি যুৱ মহোৎসৱ।
চৰকাৰৰ SOP’ৰ শিথিলতাৰ বাবে অহা ১মাৰ্চৰ ৫ মাৰ্চলৈ তাৰালাংচ’ত অনুস্থিত হ’ব কাৰ্বি যুৱ মহোৎসৱ।
১কোটি ৫০ লাখ টকাৰ বাজেটেৰে অনুস্থিত হব লগা যুৱ মহোৎসৱটিৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে কাৰ্বি কালচাৰেল চছাইটিয়ে।
এইবাৰ মহোৎসৱত কাৰ্বি আংলংৰ বিভিন্ন প্ৰান্তৰ উপৰিও অসমৰ অন্যান্য জিলাৰ ৩০টা মাণ্ডলিক সমিতিয়ে অংশ গ্ৰহন কৰি অনুস্থানটো সাফল্য মণ্ডিত কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ন কৰি তুলিছে।
কাৰ্বি কালচাৰেল ছছাইটিৰ অধ্যক্ষ জানিবলৈ দিয়া মতে ৪৮তম কৰ্বি যুব মহোৎসৱৰ কাম ৯০% সম্পূৰ্ণ হৈছে। আৰু অহা দুদিনৰ ভিতৰত বাকী থকা কাম সমূহো সম্পুৰ্ণ হব।
এইবাৰৰ যুৱ মহোৎসবৰ মূখ্য আকৰ্ষণ হব কণমানি লৰা ছোৱালীৰ বাবে সাজু কৰা ট্ৰয় ট্ৰেইন। কাৰ্বি যুব মহোৎসৱত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহন কৰিব।