কাৰ্বিআংলংঃ অসম চৰকাৰে মাইক্ৰফাইনেন্সৰ ঋণ লোৱা মহিলা সকলৰ ঋণ ৰেহাইৰ বাবদ বিত্ত বিভাগৰ অসম মাইক্ৰফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি ২০২১ৰ ক্ষিপ্ৰ আদায়কাৰী শিতানৰ অধীনত সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ মহিলাসকলৰ মাজত চেক প্ৰদান কৰে ।
পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহনে ২২২ গৰাকী মহিলাক চেক বিতৰণ কৰে। খেৰণিৰ শিৱ মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা এই সন্দৰ্ভত বিশদবাবে বাখ্যা কৰাৰ লগতে ভৱিষ্যতে ঋণ লোৱাৰ ক্ষেত্ৰত মহিলা সকলক সজাগ হবলৈ আহ্বান জনায়।
লগতে পঢ়কঃছাত্রীক যৌন আতিশয্য চলাই ৰঙাঘৰত সোমাল শিক্ষক
উক্ত সভাত মন্ত্ৰী গৰাকীৰ উপৰিও বিধায়ক ৰূপছিং টেৰণ, কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি, এম এ চি ৰীণা টেৰনপী, প্ৰভাত তাৰ,পবন কুমাৰ সহ জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে ।