ডিফুঃ যুদ্ধবিৰত ডিমাচা বিদ্ৰোহী সংগঠন ডিএনএলএ আত্মসমৰ্পণ। অস্ত্ৰ সমৰ্পণ কৰি মুলসূঁতিলৈ উভতিল সেনাধ্যক্ষ জ্যোতিকচন হাফলংবাৰ, সভাপতি হিকা ডিফুচা,সা:সম্পাদক জ্যোতিকচন ওৰফে কালু।

দীৰ্ঘদিন ধৰি ডিমা হাচাও আৰু কাৰ্বি পাহাৰত সন্ত্ৰাস চলাই অহা ডিএনএলএ অৱশেষত শান্তিৰ বাটলৈ উভতিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আহ্বানত সশস্ত্ৰ বিদ্ৰোহী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্বন আৰ্মীয়ে (ডিএনএলএ) শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আত্মগোপন কৰা স্থানৰ পৰা ওলাই আহে।

শ্রীইডিকা ডিফুচাৰ নেতৃত্বত অহা দলটোক অসম চৰকাৰৰ হৈ কাৰ্বি আংলং জিলাৰ ডাওজিংফাং গাঁৱত আদৰণি জনায়।

লগতে পঢ়কঃচৰকাৰৰ দালাল গ্ৰেপ্তাৰৰ নাটকখন আৰু কিমান দিনলৈ

কাৰ্বি আংলঙৰ ধনশ্ৰী ডাওজিৎফাংত অনুষ্ঠিত অস্ত্ৰ সমৰ্পণ সভাত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সৈতে শীৰ্ষ আৰক্ষী বিষয়াদ্বয় জিপি সিং আৰু হীৰেন নাথ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply