কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম চাৰিআলিত তীব্ৰ প্ৰতিবাদ।
দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰে সম্পন্ন হোৱা শান্তি চুক্তিৰ বিৰুদ্ধে গৰজি উঠিল কাৰ্বি ছাত্ৰ সন্থাৰ ছেমছন গোট৷
চুক্তি খনৰ কেইবাটাও দফা বাতিলৰ দাবীত বুধবাৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম চাৰিআলিত KSU ৰ সদস্যই কাৰ্বি শান্তিৰ চুক্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
চুক্তিত ২৪৪(এ) অনুচ্ছেদ কৰক অন্যথা এই চুক্তি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিব বুলি হংকাৰ দিয়ে সংগঠনটোৱে।