ডিফু : কাৰ্বি শান্তি চুক্তিক লৈ জ্বলিছে এতিয়া কাৰ্বি আংলং।

শনিবাৰে দিল্লীত কাৰ্বি আংলং জিলাৰ উগ্ৰপন্থী সমস্যা সমাধান আৰু প্ৰগতিৰ লক্ষ্যৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ছটাকৈ বিদ্ৰোহী সংগঠনৰ নেতৃবৰ্গৰে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই
গৰজি উঠিল বহু কেইটা কাৰ্বি জনগোষ্ঠীয় সংগঠন৷

স্বায়ত্ত্বশাসিত পৰিষদৰ ১০আসন মুকলী কৰি ৰখাৰ বিৰুদ্ধে ২৪ টাকৈ কাৰ্বি জনগোষ্ঠীয় সংগঠনে ডিফু চহৰৰ মাজমজিয়াত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷

লগতে পঢ়কঃমাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা

আজি পুৱতি নিশা খেৰণি-ডংকামোকাম সংযোগী পথৰ ফেলাংপি নামৰ ঠাইত কোনো অচিনাক্ত লোকে দুডালকৈ প্ৰকাণ্ড প্ৰকাণ্ড গছ বগৰাই পথ অৱৰোধ কৰে। এই ঘটনাই শান্তি চুক্তিৰ বিৰোধিতা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। গছ বাগৰাই পথ অৱৰোধ কৰাৰ ফলত বহু সময় ধৰি যাতায়ত ব্যাহত হয় |

শান্তি আনিবলৈ গৈ অশান্তি সৃষ্টি হোৱা কাৰ্বি আংলং ক লৈ চিন্তিত জিলাবাসী |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply