কৰিমগঞ্জঃ কৰিমগঞ্জত বুজন পৰিমাণৰ ড্ৰাগছ ধ্বংস কাৰ্য্যসূচী।
জিলাখনত বিভিন্ন সময়ত অভিযানত জব্দ হোৱা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জ্বলাই দিলে কৰিমগঞ্জ আৰক্ষীয়ে।
কৰিমগঞ্জৰ জুনিটিলাত থকা আৰক্ষী চাউনীৰ উন্মুক্ত ঠাইত জ্বলাই দিয়া হয় নিচাযুক্ত সামগ্ৰীসমূহ।
লগতে পঢ়কঃমহানগৰীত অঘটন! বিদ্যালয়ৰ চাৰি মহলাৰ পৰা জাপ দিলে ছাত্ৰীয়ে
কৰিমগঞ্জৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মুখ্য ন্যায় দণ্ডাধীশ আৰু ড্ৰাগছ ডিস্প’ছেল কমিটীৰ সদস্যৰ উপস্থিতিত উক্ত সামগ্ৰীসমূহ জ্বলাই দিয়া হয় ৷
দহন কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য় প্ৰায় ৪৩ কোটি টকা ।