গুৱাহাটীঃ কৰিমগঞ্জত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ৫০লাখ টকাৰ ড্ৰাগছ। আৰক্ষীয়ে কৌশলেৰে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত দুজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকদুজন নয়ন কুৰী, বিধান কুৰী। কৰিমগঞ্জৰ লক্ষীচৰণ অঞ্চলত দেওবাৰে চলোৱা এক অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী দুজন। 

আৰক্ষীয়ে কয়, ”আমি ড্ৰাগছ ব্যৱসায়ী দুজনৰ সম্ভেদ লাভ কৰাত আমাৰ আৰক্ষীৰ দুজন লোকক ড্ৰাগছ কিনিবলৈ পঠিয়াই দিও আৰু হাতেলুটে ড্ৰাগছ ব্যৱসায়ী দুজনক কৰায়ত্ত কৰো।”

আৰক্ষীয়ে ব্যৱসায়ী দুজনৰ পৰা ১২৫ গ্ৰাম হেৰ’ইন আৰু য়াবা টেবলেটৰ ১০টা চাবোনৰ কেচ জব্দ কৰে। জব্দ কৰা নিচাজাতীয় সামগ্ৰী খিনিৰ বজাৰ মূল্য প্ৰায় ৫০লাখ টকা হ’ব বুলি কৰিমগঞ্জ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসে জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply