কৰিমগঞ্জঃ কৰিমগঞ্জৰ চান্দপুৰ গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। চোকা অস্ত্ৰৰে যুৱতীক আক্ৰমণ কৰে অজ্ঞাত যুৱকে।দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত যুৱতী।
ঘৰত কোনো নথকাৰ সুযোগ লৈ পানী খোৱাৰ চলেৰে সোমাই অজ্ঞাত যুৱকে আক্ৰমণ কৰে যুৱতীগৰাকীক।
লগতে পঢ়কঃ৮২ বছৰ বয়সত বিদেশী ঘোষণা বৰপেটাৰ এগৰাকী বৃদ্ধা
আহত যুৱতীগৰাকীক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কৰিমগঞ্জ আৰক্ষীথানাত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।