নিউজ ডেস্কঃ এটা বহু বছৰৰ পুৰণি মন্দিৰত ডকাইতে চলালে লুটপাট। মন্দিৰৰ পুৰোহিতকো ডকাইটৰ দলটোৱে আক্ৰমণ কৰি লুটি নিলে সোণ-ৰূপৰ অলংকাৰ।

এই ঘটনা সংঘটিত হ’ল কৰিমগঞ্জৰ বালিয়াত থকা নৃসিংহ মন্দিৰত।

৩০০বছৰৰ পুৰণি এই মন্দিৰটোত নিশা ৭-৮জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি লুট-পাট চলায়।

দুৰ্বৃত্তৰ দলটোৱে মন্দিৰৰ পুৰোহিতৰ পৰিয়ালক বান্ধি বহুতো সোণ-ৰূপৰ আ-অলংকাৰ লুটপাট কৰি নিয়ে।

ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত এই মন্দিৰটোত পূৰ্বেও কেইবাবাৰো দুৰ্বৃত্তই লুটপাট চলাইছিল।

আৰক্ষীৰ দলে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে এজনো দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply