কৰিমগঞ্জঃ কৰিমগঞ্জৰ কচুদৰম প্ৰথম খণ্ডৰ টিলাগ্ৰামত ধুমুহা-শিলাবৃষ্টিত প্ৰাণ হেৰুৱাই শিশুসহ ৩জন লোক আৰু গুৰুত্বৰভাৱে আহত হয় ৩জন।

ঘটনা অনুসৰি ধুমুহা-শিলাবৃষ্টিত বাসগৃহ ভাঙি পৰাৰ ফলত এই ঘটনা সংঘটিত হয় ।

আহত কেইজনক ততাতৈয়াকৈ স্থানীয় সোণাই হস্পিতাললৈ লৈ যোৱা হৈছিল যদিও তিনিজনক চিকিৎসকে মৃত ঘোষণা কৰে।

আৰু পঢ়কঃ গুৱাহাটীত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ

মৃত লোক কেইজন হৈছে আয়েশা বেগম লস্কৰ(৩৫), খুছী বেগম লস্কৰ(৮মাহ), নুৰ আমিন লস্কৰ(৮বছৰ)।

ইফালে ঘটনাৰ খবৰ পোৱা মাত্ৰকেই সোণাই হস্পিতালত উপস্থিত হয় বিধায়ক আমিনুল হক চৌধুৰী।

লগতে আহত বাকী তিনিজনক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

বৰ্তমান শিলচৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে আহত লোক কেইজন।

বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলত হোৱা ধুমুহা-শিলাবৃষ্টিত অঞ্চলটোৰ বহুলোকৰ বিস্তৰ ক্ষতিসাধন হয়।

আৰু পঢ়কঃ আজি ১৩খনজিলাৰ ৩৯টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply