নিউজ ডেস্ক: বৃহৎ জয়ৰ লক্ষ্যৰে কংগ্ৰেছে আগবাঢ়িছে কৰ্ণাটক বিধানসভা নিৰ্বাচনত। বৰ্তমানেও কৰ্ণাটক নিৰ্বাচনৰ ভোটগণনা চলি আছে। অব্যাহত আছে কৰ্ণাটকত কংগ্ৰেছৰ অগ্ৰগতিৰ ধাৰা। এই সন্দৰ্ভত বিৰোধীৰ প্ৰাৰ্থীৰ বহুতে বহু মন্তব্য প্ৰকাশ কৰিছে।

কৰ্ণাটকৰ বিধানসভাৰ ফলাফলৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৰ্ণাটকৰ জনতাক ধন্যবাদ জনায় কয় যে, কৰ্ণাটকৰ জনতাই সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধীতা কৰিলে। কর্ণাটকত বিজেপিয়ে ধন-জন-বলকে ধৰি সকলো কূটকৌশল অৱলম্বন কৰিছিল , দুই-তিনি মাহ ধৰি দৈনিক ১৮-২০ কোটি টকা খৰচ কৰিছিল বিজেপিয়ে। কিন্তু কৰ্ণাটকৰ জনতাই উচিত প্ৰত্যুত্তৰ দিছে ।

তেওঁ কয় যে, ৰাজনীতিত ব্যক্তিগত আক্ৰমণ কৰাটো ভাল কথা নহয়। কিন্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীক প্ৰায়ে ব্যক্তিগতভাৱে আক্ৰমণ কৰে । সেইবোৰৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে বিজেপিক দিছে বুলি তেওঁ কৰ্ণাটকৰ নিৰ্বাচনৰ প্ৰসংগৰে কয় ।

লগতে তেওঁ কয় যে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ সময়তো কৰ্ণাটকৰ পৰাই কংগ্ৰেছৰ পুনৰুত্থান আৰম্ভ হৈছিল । এইবাৰো তাৰেই প্রতিফলন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply