কামপুৰঃ হাওঁফাওঁৰ জটিল ৰোগত আক্রান্ত হৈ মৃত্যুৰ ক্ষণ গণিছে নগাঁৱৰ কঠিয়াতলী গৰুবন্ধাৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে । নগাঁও মহাবিদ্যালয়ৰ বাণিজ্য শাখাত অধ্যয়নৰত প্ৰিয়ংকা বনিয়া নামৰ ছাত্ৰী গৰাকীক অস্ত্ৰোপচাৰৰ দ্বাৰা সম্পূৰ্ণ সুস্থ কৰি তুলিবলৈ প্ৰয়োজন দহ লক্ষাধিক টকাৰ।

প্ৰিয়ংকা বনিয়াৰ জটিল ৰোগটোৰ বিষয়ে East mojo assamত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই মেধাৱী ছাত্ৰী গৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন জনৰ লগতে কঠিয়াতলী আঞ্চলিক তিৱা ছাত্র সন্থা।

কঠিয়াতলী আঞ্চলিক তিৱা ছাত্র সন্থাই ঘৰে ঘৰে গৈ প্ৰিয়ংকাৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহ কৰিছে।
প্ৰিয়ংকাৰ সপোনবোৰ বাস্তৱ কৰাবলৈ কোনো হৃদয়বান লোকে যদি সহায় কৰিব বিচাৰে তেন্তে SBI নগাঁও হয়বৰগাঁও শাখাৰ A/C= 37016413633
IFSC= SBIN0005914 ত আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰে । নাইবা 9678155125 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃ মাতৃয়ে ।

আৰু পঢ়কঃবিশিষ্ট লেখক, চিন্তাবিদ,অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ড° ৰোহিণী কুমাৰ বৰুৱাৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply