কামপুৰঃ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে যোৰহাটৰ পৰা দিল্লী ৰাজঘাট অভিমুখে চি আৰ পি এফে আৰম্ভ কৰিছে চাইকেল ৰেলীৰ ।
চি আৰ পি এফৰ ২৫ জনীয়া এটা দলে ৩১ আগষ্টত আৰম্ভ কৰা এই চাইকেল ৰেলীটো আজি নগাওঁ জিলাৰ কঠীয়াতলীত উপস্থিত হয়হি ।
লগতে পঢ়কঃঅসমৰ উঠি অহা প্ৰজন্মক ক্ৰীড়া জগতলৈ আগবাঢ়ি আহিবলৈ আহ্বান দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ
এই ৰেলীৰ দলটো কঠীয়াতলীত উপস্থিত হোৱাত ৰাইজে ফুলেৰে সম্ভাষণ জনোৱাৰ লগতে কিছু ফলমূল আৰু পানীৰ বটল আগবঢ়ায়।
আগন্তুক গান্ধী জয়ন্তীত এই ৰেলীটো দিল্লীৰ ৰাজঘাটস্থিত মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰত পৰিসমাপ্তি ঘটিব ।