কামপুৰঃ ৰাজ্যত অব্যাহত আছে কয়লাৰ অবৈধ ৰমৰমীয়া বেহা৷ নিশা হ’লেই নগাঁৱৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লা ট্ৰাকৰ দৌৰাত্ম। নগাঁৱৰ কঠিয়াতলী আৰক্ষীয়ে জব্দ কৰিছে বহুকেইখন কয়লা ভৰ্তি ট্ৰাক৷
মেঘালয়ৰ তিনিকি’লোৰ পৰা ৰঙিয়া কদমতল বৰপেটা আদিলৈ কয়লা কঢ়িয়াই আনিছিল ট্ৰাক কেইখনে ৷ জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ AS12E 4758, AS01DD9597, NL01AC2388, NL01AE 3364 , AS01FC4090 , AS17B 6526 , UP61AT3183 , AS01JC4361, AS01KC1171.
লগতে পঢ়কঃসোণাৰিৰ সৈতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ যোগাযোগ স্তব্ধ
উল্লেখ্য যে, ট্ৰাক কেইখনত নথিপত্ৰ থকা বুলি দাবী কৰে চালক সকলে। ইফালে কয়লা ট্ৰাকৰ বিষয়ে সাংবাদিকে সোধাত কোনো গাড়ী জব্দ কৰা নাই বুলি মত প্ৰকাশ কৰে আৰক্ষীয়ে।
এতিয়া প্ৰশ্ন হয় সকলো নথি থকাৰ পাছতো আৰক্ষীয়ে কি কাৰণত ট্ৰাক সমূহ জব্দ কৰি ৰাখিছে সেইয়াহে ৰহস্যৰ আৰ্ৱতত। বৰ্তমান কঠিয়াতলী আৰক্ষীৰ জিম্মাত ট্ৰাক কেইখন ৷