গুৱাহাটীঃ আজি কাতি বিহু। অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত অন্যতম কাতি বিহু। কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিকতা জড়িত হৈ আছে অসমীয়াৰ বাপতি সাহোন বিহুটি।
অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত অনুষ্টুপীয়াকৈ পালন কৰি আহিছে। এই সময়খিনিত খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ – অনাটনে কৃষক ৰাইজক হেঁচি ধৰে। সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে।
লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ–দুৱাৰ, চোতাল –পদূলি পৰিস্কাৰ হৈ থাকিলেহে লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে। সেয়েহে কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ–দুৱাৰ, আলি–পদূলি আদি পৰিষ্কাৰ–পৰিচ্ছন্ন কৰে।
সন্ধিয়া ঘৰে ঘৰে তুলসীৰ তলত চাকি-ধূপ-নৈবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা আগবঢ়োৱাৰ লগতে চহা কৃষকসকলে সেউজীয়া হৈ পৰা ধাননি পথাৰত চাকি জ্বলাই পোক-পতংগৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব।