সোণাৰি: অসমীয়াৰ বাপতি সাহোন আজি কাতি বিহু। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আয়োজন। কোৰোনা সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি তথা বৰ্ণাঢ্য লোক পৰম্পৰাক সৰোগত কৰি আজি ৰাজ্যজুৰি উদযাপিত হ’ব কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু।
তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত জ্বলাব এগচি বন্তি। কাতি মাহত কৃষকৰ পথাৰখন প্ৰাণৱন্ত হৈ পৰে। সেউজীয়া হৈ পৰে কৃষকৰ সপোনবোৰ।
কাতি বিহু উপলক্ষে আজি বিজেপিৰ চৰাইদেউ জিলা মহিলা মৰ্চাৰ উদ্যোগত তুলসী পুলি বিতৰণ কৰা হয়। তুলসী পুলি বিতৰণৰ জৰিয়তে বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান ।
ইফালে মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগতো ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে। মথুৰাপুৰ উজনি কোঁৱৰ গাঁওৰ শতাধিক পৰিয়ালৰ মাজত মাটিৰ চাকি আৰু তুলসী পুলি বিতৰণ কৰা হয়।
লগতে পঢ়ক- চৰকাৰক ৰাজনৈতিক ভাৱে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কোঁচ-ৰাজবংশীসকল