আজি কাতি বিহু

নিউজ ডেস্কঃ আজি কাতি বিহু। কাতি বিহু পালন কৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কোৰোনা সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি তথা বৰ্ণাঢ্য লোক পৰম্পৰাক সৰোগত কৰি আজি ৰাজ্যজুৰি উদযাপিত হ’ব কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু।

তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত জ্বলাব এগচি বন্তি।

লগতে পঢ়কঃশৰতৰ বতৰতো গৰমে দহিছে ৰাজ্যবাসীক

কাতি মাহত কৃষকৰ পথাৰখন প্ৰাণৱন্ত হৈ পৰে। সেউজীয়া হৈ পৰে কৃষকৰ সপোনবোৰ। কৃষিজীৱি ৰাইজে সেউজীয়া পথাৰত এগছি বন্তি জ্বলাই অদৃশ্য জনৰ প্ৰতি প্ৰণিপাত জনাই ভৰসা আৰু অফুৰন্ত আত্মতৃপ্তিৰ সুখ লাভ কৰে।

মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মুৰ সত্ৰত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তী প্ৰজ্বলন কৰিব আজি সন্ধিয়া। ঐতিহাসিক আউনীআটী সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰিছে । আজি সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন বায়ন ঢ়ুলিয়া, ওজাপালী, নটুৱা সংকীত্তন আদিৰ মাজেৰে সত্ৰাধিকাৰে সন্ধিয়াল ২১ যোৰ আকাশ বন্তি প্ৰজ্বলন কৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply