গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নতুন গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ফিটা কাটি নতুন গৃহ নিৰ্মাণৰ শুভ উদ্বোধন কৰে।

বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আৰু বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ পবিত্ৰ কুমাৰ বড়োৰ উপস্থিতিত নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রটিৰ নতুন গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে।

লগতে পঢ়কঃমাজুলীত উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ ৰণডংকা

আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত হয়। সভাত উপস্থিত হৈ মুখ্য ভাষণত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে বিটিআৰত মিত্ৰজোঁটৰ চৰকাৰ বাবে বিটিআৰবাসী ৰাইজে পৰিৱৰ্তন দেখিছে৷

বিগত ১৭ বছৰে বিপিএফ চৰকাৰে কৰিব নোৱাৰা কাম মিত্ৰজোঁটে কৰিছে বুলি ব্যক্ত কৰাৰ লগতে প্ৰায় ১কোটি ৭৫ লাখ টকা ব্যায় সাপেক্ষে নতুন গৃহটিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হব বুলি সদৰি কৰে ৷

ইপিনে উক্ত অনুষ্ঠানত গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কোকিলা গগৈ,স্বাস্থ্য বিভাগৰ বিষয় ববীয়াৰ লগতে দলীয় কাৰ্যকৰ্তাসকলৰ উপৰি স্থানীয় ৰাইজ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply