কাজিৰঙাত প্ৰকাণ্ড গছ বাগৰি পৰিল বাহনৰ ওপৰত। কথমপি প্ৰাণ ৰক্ষা কাজিৰঙাৰ যুৱক ঐশ্বৰ্য্য বৰাৰ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা অৱস্থাত গছজোপা AS01-Z-7202 নম্বৰৰ মাৰুতি কাৰ খনৰ ওপৰত বাগৰি পৰাত গাড়ীখনৰ সন্মুখ ভাগ সম্পূৰ্ণ ভাবে নষ্ট হয় ।
এই ঘটনাৰ ফলত বহু সময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে । যাৰ ফলত উজনি নামনি দুয়োফালৰ পৰা অহা গাড়ীসমূহ আবদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত । বচাগাও অঞ্চলৰ পৰা পৰিয়ালটো কাজিৰঙাৰ আদৰ্শ চিকিৎসালয়ত ভেকচিন লোৱাৰ বাবে আহিছিল ।
দূৰ্ঘটনাৰ সময়ত গাড়ীখনৰ চালকৰ আসনত বহি থকা ব্যক্তি কথমপি গাড়ীৰ পৰা ওলাই আহি প্ৰাণ ৰক্ষা কৰে । ঘটনা হৈ যোৱাৰ দীৰ্ঘ সময়লৈকে আৰক্ষী আৰু বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাষ্ট্ৰীয় ঘাইপথটো আবদ্ধ হৈ থাকে ।
কাজিৰঙা অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহু পুৰণি গছ বিপদ জনক ভাবে থকাৰ বিষয়টো লৈ স্থানীয় বিভিন্ন দল সংগঠনে বন বিভাগক দীৰ্ঘ সময়ৰ পৰা অবগত কৰি আহিছে যদিও বিভাগে বিষয়টোক লৈ কোনো গুৰুত্ব নিদিয়াৰ ফলতেই এনেধৰনৰ দূৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ।