কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, হাতী, বাঘ,পহু আদি বন্যপ্ৰাণীৰ নিৰাপত্তাৰ হেতু চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথ বিশেষকৈ বন বিভাগে চিহ্নিত কৰা এনিমেল কৰিডৰবোৰত উৰণীয়া সেতু নিৰ্মাণ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে।
এই উদ্দেশ্যে অহা ৫ চেপ্টেম্বৰ দেওবাৰে কাজিৰঙাৰ কহঁৰা আৰু কুঠৰীত জিলা প্ৰশাসনে ৰাজহুৱা শুনানিৰ দিন স্থিৰ কৰিছে ।
লগতে পঢ়কঃসোণাৰিৰ টাওকাক চাহ বাগিচাৰ নিৰ্যাতিত কিশোৰীক উচিত ন্যায় প্ৰদান কৰাৰ দাবী
গোলাঘাট জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ দ্বাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নতুনকৈ ঘোষণা কৰা ৭১৫ নং ৰাষ্ট্ৰীয় পথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অংশত বন্যপ্ৰাণীৰ অনুকূল কেতবোৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজৰ পৰামৰ্শ লোৱাৰ উদ্দেশ্যে উক্ত দিনা কলিয়াবৰ মহকুমাৰ অধীনত কুঠৰীৰৰ ৰাজহুৱা ভৱনত দিনৰ দুই বজাত আৰু বোকাখাত মহকুমাৰ অধীনত কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ কেন্দ্ৰত দিনৰ চাৰি বজাত পৃথকে ৰাজহুৱা পৰামৰ্শসমূলক সভাৰ আয়োজন কৰিছে ।