ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো নিৰ্মাণ কৰাবো উচ্চেদ কেতিয়া

নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ে কাজিৰঙাৰ এনিমেল কৰিড’ৰত নিৰ্মাণ কৰা সকলো উচ্চেদ কৰিবৰ বাবে ২০১৯ চনৰ ১২ এপ্ৰিলতেই নিৰ্দেশ দিয়াৰ পিছতো নিৰ্মাণ কাৰ্য অবাধে চলি আছিল অঞ্চলটোত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী বিচৰণত বাধা নহ’বৰ কাৰণে উদ্যান কৰ্ত্তৃপক্ষই চিহ্নিত কৰা ৯টা এনিমেল কৰিড’ৰত ব্যক্তিগত ভূমিতো সকলোধৰনৰ নিৰ্মাৰ্ণকাৰ্য বন্ধৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ।

ন্যায়ালয়ৰ নিৰ্দেশক আংগুষ্ঠ প্ৰদৰ্শন কৰি যোৱা সময়চোৱাত চলাই গৈছিল নিৰ্মাণ কাৰ্য । ইয়াৰ বিৰুদ্ধে পুনৰ নিৰ্দেশ দি ৪ সপ্তাহৰ ভিতৰত নিৰ্মাণ কৰা সকলো উচ্চেদ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে | ন্যায়ালয়ৰ নিৰ্দেশ পোৱাৰ পিছতেই নিৰ্মাণ কাৰ্য বন্ধ কৰিবৰ বাবে নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে ।

পূৰ্বৰ নিৰ্দেশ পোৱাৰ পিছতো কাজিৰঙাৰ এনিমেল কৰিড’ৰত কেনেদৰে নিৰ্মাণ চলি থাকিল । এই সময়চোৱাত
আমগুৰি কৰিড’ৰত ‘ৱাইল্ডউড ৰেষ্টুৰেন্ট’, হাৰমতি কৰিড’ৰত ‘লাহেকে চাহ ৰেষ্টুৰেন্ট’, ‘জাংগল চিটি ৰেষ্টুৰেন্ট’, ‘দহিকটৰা ৰেষ্টুৰেন্ট’, হালধীবাৰী কৰিড’ৰত গ্ৰীণ আচিয়ানা ৰিজ’ট, ৱাইন শ্ব’প আদি ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো কেনেদৰে নিৰ্মাণ হ’ল সেই উত্তৰ বন বিভাগ, জিলা প্ৰশাসন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আদি কাৰো হাতত নাই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই পূৰ্বৰ চাৰিটা এনিমেল কৰিডৰৰ পৰা  পানবাৰী, হালধিবাৰী, বাগৰি, হাৰমতি, কাঞ্চনজুৰি, হাতীদন্ডি, দেওচুৰ,চিৰাং আৰু আমগুৰি অৰ্থাৎ ৯ টা এনিমেল কৰিডৰলৈ বৃদ্ধি কৰে ।উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ ১২ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই চিহ্নিত কৰা উক্ত ৯ টা এনিমেল কৰিডৰত ব্যক্তিগত ভূমিতো কোনো লোকে যাতে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য চলাব নোৱাৰে তাৰ এক নিৰ্দেশনা জাৰি কৰিছিল ।

লগতে পঢ়ক-উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আংগুষ্ঠ প্ৰদৰ্শন কৰি কাজিৰঙাৰ এনিমেল কৰিড’ৰত নিৰ্মাণ কাৰ্য কোনে চলাইছে

অতি পৰিতাপৰ কথা যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কাজিৰঙাৰ এনিমেল কৰিডৰত সকলো নিৰ্মাণ কাৰ্য বন্ধ ঘোষণা কৰাৰ পিছতো ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি, অধিবক্তা, সমবায় সমিতিৰ সচিব, প্ৰতিষ্ঠিত পৰ্যটন ব্যৱসায়ী, ধৰ্মীয় প্ৰতিষ্ঠানৰ বিষয় ববীয়া , অবসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি বহু লোকে অবাধ গতিত নিৰ্মাণ কাৰ্য চলাই আছে ।

উল্লেখ্য যে ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ে এনিমেল কৰিডৰত নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো আইন অমান্য কৰি বোকাখাত মহকুমাৰ অধীনত হালধিবাৰী এনিমেল কৰিডৰত সুৰাৰ দোকান, পৰ্যটন নিবাস নিৰ্মাণ কৰিছে । ইয়াত উপৰিও কলিয়াবৰ মহকুমাৰ অধীনত বাগৰি, হাৰমতি, কাঞ্চনজুৰি, আমগুৰি আদি এনিমেল কৰিডৰত পৰ্যটন নিবাস, অতিথি গৃহ, ধাবা, ৰেস্তোৰেন্ট,বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰা দেখা গৈছে ।মহকুমা প্ৰশাসনে নিৰ্মাণ বন্ধৰ নিৰ্দেশ দি ১৪৪ ধাৰা লগোৱাৰ সময়ত এই অবৈধ নিৰ্মাণ বোৰ উচ্চেদ কৰিবলৈ সাহস কৰা নাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply