নিউজ ডেস্ক: কাৰ্বি পাহাৰৰ অবিহনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী ভবিষ্যত অন্ধকাৰ । বন্যপ্ৰাণীয়ে প্ৰাকৃতিক ভাৱে বিচৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয় । গঁড়, হাতী, বাঘ,পহু আদি বন্যপ্ৰাণীয়ে প্ৰাকৃতিক ভাৱে বিচৰণ কৰিবলৈ নোৱাৰিলে বহু ক্ষেত্ৰত প্ৰাণীবোৰৰ বংশ বৃদ্ধিৰ পৰা আৰম্ভ কৰি প্ৰজাতিটোৰ ওপৰত ভীষণ প্ৰভাৱ পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ ৰাখি ইউনেস্কৰ দ্বাৰা স্বীকৃতি দিয়া  বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বিচৰণত বাধাৰ সৃষ্টি নোহোৱাকৈ বন বিভাগে কেইবাটাও এনিমেল কৰিডৰ চিহ্নিত কৰিছে ।

এই এনিমেল কৰিডৰেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সঘনাই দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ অহা যোৱা কৰি থাকে ।  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই পূৰ্বৰ চাৰিটা এনিমেল কৰিডৰৰ পৰা  পানবাৰী, হালধিবাৰী, বাগৰি, হাৰমতি, কাঞ্চনজুৰি, হাতীদন্ডি, দেওচুৰ,চিৰাং আৰু আমগুৰি অৰ্থাৎ ৯ টা এনিমেল কৰিডৰলৈ বৃদ্ধি কৰে ।

দেশৰ উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ ১২ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই চিহ্নিত কৰা উক্ত ৯ টা এনিমেল কৰিডৰত ব্যক্তিগত ভূমিতো কোনো লোকে যাতে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য চলাব নোৱাৰে তাৰ এক নিৰ্দেশনা জাৰি কৰিছিল ।অতি পৰিতাপৰ কথা যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কাজিৰঙাৰ এনিমেল কৰিডৰত সকলো নিৰ্মাণ কাৰ্য বন্ধ ঘোষণা কৰাৰ পিছতো বহু লোকে অবাধ গতিত নিৰ্মাণ কাৰ্য চলাই আছে ।

বোকাখাতৰ যুৱ পৰিবেশ কৰ্মী ৰোহিত চৌধুৰীয়ে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোছৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ ১২ এপ্ৰিলত কাজিৰঙা আৰু কাৰ্বি আংলঙত অবাধ গতিত চলাই থকা শিলৰ পৰা আৰম্ভ কৰি সকলো খনন কাৰ্য বন্ধ ঘোষণা কৰিছিল । বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি এনিমেল কৰিডৰত নিৰ্মাণ কৰা সকলো অবৈধ নিৰ্মাণ কাৰ্য উচ্ছেদ  কৰিবলৈ পুনৰ আবেদন জনাইছে পৰিবেশ কৰ্মীজনে ।

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে পুনৰ ৰাজ্য চৰকাৰক নিৰ্মাণ বন্ধ আৰু অবৈধ নিৰ্মাণ উচ্চেদ কৰিবৰ বাবে ৪ সপ্তাহৰ সময় দিছে । এনে অবস্থাত এনিমেল কৰিডৰত অবৈধ নিৰ্মাণক লৈ চৰকাৰে ১৪৪ ধাৰাহে লগোৱা দেখা গৈছে । ৩৭ আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাই পথ ৭১৫ ৰ(AH 1)ত নতুনকৈ নিৰ্মানৰ ক্ষেত্ৰত বাধা আৰোপ কৰি ১৪৪ধাৰা জাৰি কৰিছে যদিও আগতে নিৰ্মান কৰা নিৰ্মান কাৰ্যৰ বিৰুদ্ধে কোনো কাৰ্যকৰী পদক্ষেপ বৰ্তমানলৈকে গ্ৰহণ কৰা নাই কলিয়াবৰ প্ৰশাসনে ৷

লগতে পঢ়ক-নিৰ্মাণ বন্ধৰ নিৰ্দেশ দিয়া চৰকাৰে কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ অবৈধ নিৰ্মাণ কেতিয়া উচ্চেদ কৰিব

জৰুৰী পদক্ষেপ হিচাপে নগাঁও জিলাৰ এলেকাধীন সাতটিকৈ স্হানত ১৪৪ধাৰা জাৰি কৰিছে ৷ লগতে গধুৰ বা লঘু যান বাহন পাকিং কৰা বা ৰেষ্টুৰেন্ট-ধাবাৰ সন্মোখত ৰখা বন্ধ কৰিছে ৷ ৰাতি যান বাহনত হাই ভল্টেজ বা প্ৰখৰ পোহৰ ব্যৱহাৰ বন্ধ কৰিছে ৷ মিউজিক চিচটেমত জোৰকৈ শব্দ কৰা বা মিউজিক বজাই যোৱাত বাধা প্ৰদান কৰা হৈছে৷ উদ্যান বা কাষৰ অঞ্চলত বৰকৈ হৰ্ণ বজোৱাত বাধা আৰোপ কৰা হৈছে ৷

পৰিবেশ কৰ্মী ৰোহিত চৌধুৰীয়ে জানিবলৈ দিয়া মতে সততে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ  লগতে চোৰাং চিকাৰী ৰোধ কৰাৰ দাবী জনাই থকা ৰাজ্যখনৰ দল – সংগঠন তথা বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন বোৰ বৰ্তমান কিয় নিমাত হৈ আছে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত  এচাম লোকে অবাধ গতিত আইন ভংগ কৰি  নিৰ্মাণ কাৰ্য চলাই থকা দেখা পোৱাৰ পিছতো বিশেষকৈ কাজিৰঙাত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন কাম কৰি থকা বেচৰকাৰী স্বেচ্ছাসী সংগঠন ডব্লিউ ডব্লিউ এফ, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, দা কৰবেট ফাউণ্ডেশ্যন, আৰণ্যক, ভূমি আদিৰ বিষয় – ববীয়াই এই অবৈধ কাৰ্যৰ প্ৰতি এবাৰো মাত নমতাটো আশ্চৰ্যৰ কথা হৈ পৰিছে । উল্লেখ্য উক্ত বেচৰকাৰী স্বেচ্ছাসেবী সংগঠনকেইটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত ন্যায়ালয় বা উৰ্ধতম সংশ্লিষ্ট কৰ্ত্তৃপক্ষ বা চৰকাৰক অবগত কৰাতো বাদেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষকো এবাৰ দৃষ্টিগোচৰ কৰিবলৈ আহৰি পোৱা নাই বুলি জানিব দিয়ে ।

লগতে পঢ়ক-উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আংগুষ্ঠ প্ৰদৰ্শন কৰি কাজিৰঙাৰ এনিমেল কৰিড’ৰত নিৰ্মাণ কাৰ্য কোনে চলাইছে

এটা কথা উল্লেখ কৰিব লাগিব যে সততে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ কাৰণে বিভিন্ন প্ৰতিবাদ কৰি ৰাজ্যখনৰ বিভিন্ন দল – সংগঠনেও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত অবাধ গতিত নিৰ্মাণ কাৰ্য চলাই বন্যপ্ৰাণীৰ বিচৰণত বাধাৰ সৃষ্টি কৰা এই আইন বিৰোধী কাৰ্যৰ প্ৰতি ৰহস্যজনক ভাৱে এবাৰো মাত মতা নাই বুলি কাজিৰঙাৰ কেইবাজনো জেষ্ঠ লোকে মত প্ৰকাশ কৰিছে । দল – সংগঠন বা বেচৰকাৰী স্বেচ্ছাসেবী  সংগঠনবোৰে কাৰ স্বাৰ্থত কাম কৰে বুলিও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply