কলিয়াবৰঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পিছতেই এতিয়া সষ্টম হৈছে বন বিভাগ, প্ৰশাসন। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৯টাকৈ এনিমেল কৰিড’ৰৰ অবৈধ নিৰ্মাণকাৰ্যক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়।

যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে চাৰি সপ্তাহৰ ভিতৰত এই কৰিড’ৰসমূহত চলা নির্মাণকার্য সম্পূর্ণৰূপে ধ্বংস কৰিবলৈ নির্দেশনা প্ৰদান কৰিছিল ৷

ইতিপূৰ্বে প্ৰশাসনে গ্ৰীণ আচিয়ানা নামৰ অতিথিশালাৰ কৰিডৰৰ অবৈধ নিৰ্মাণত চলাইছিল প্ৰশাসনৰ হাতোৰা ৷
আনহাতে বৃহস্পতিবাৰে বোকাখাত মহকুমা প্ৰশাসন আৰু কাজিৰঙা বন বিভাগে বাগৰিৰ লবংগ চক্ৰৱৰ্তীৰ বাসগৃহৰ চৌহদৰ দেৱালত অবৈধ নিৰ্মাণত উচ্ছেদ চলায় ৷ ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এনিমেল ক’ৰিডৰ হিচাপে চিহ্নিত ৰাঙলুত বৃহস্পতিবাৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায়।

এই অভিযানত দুখনকৈ ধাবা উচ্ছেদ কৰা হয়। জানিব পৰা মতে কলিয়াবৰ ৰাঙলুৰ “গ’ গ্ৰীণ” আৰু “কৃষ্ণাগী” ধাবাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি উচ্ছেদ অভিযান চলায় কলিয়াবৰ মহকুমা প্ৰশাসনে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯ টা এনিমেল কৰিডৰৰ ৭ টা এনিমেল কৰিডৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ২০২১ বৰ্ষৰ অক্টোবৰ মাহতে ৭ টাকৈ এনিমেল কৰিডৰত কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছিল।

উল্লেখযোগ্য যে¸ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্দ্ধিত এনিমেল কৰিডৰ বিৰুদ্ধে কিছুদিন পূৰ্বে কাজিৰঙা আৰু কলিয়াবৰৰ দাঁতিকাষৰীয়া হাজাৰ হাজাৰ ৰাইজে প্ৰতিবাদ কৰি কলিয়াবৰৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল।

ইফালে প্ৰশাসনৰ উচ্ছেদ অভিযানকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়ালৈকে ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি এনিমেল কৰিডৰত অবৈধ ভাবে নিৰ্মাণ কৰা ধাবা হোটেল-ৰেষ্টুৰা আদিত প্ৰশাসনে দেখিও নেদেখা ভাও জোৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply