নিউজ ডেস্কঃ কাজিৰঙাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এগৰাকী পিতৃৰ হাততে প্ৰাণ গ’ল পুত্ৰৰ। কাজিৰঙাৰ ১নং শিলডুবিত মঙলবাৰে নিশা সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা ৷
পুত্ৰক কুঠাৰেৰে নিৰ্মমভাৱে ঘপিয়াই হত্যা কৰিলে পিতৃয়ে। আৰু তাৰপাছতে আৰক্ষীৰ ওচৰত কৰে আত্মসমৰ্পণ। জানিব পৰা মতে, নিশাৰ ভাগতে পিতৃ ধীৰু গোৱালাই পুত্ৰ ঔম প্ৰকাশ গোৱালাক ঘৰতে হত্যা কৰে।
ঘটনাতো নিশা সংঘটিত হোৱাৰ বাবে স্থানীয় লোকে পুৱা পলমকৈহে ঘটনাৰ সম্ভেদ লাভ কৰে ৷ ইফালে, ৰাতিপুৱাই পিতৃ ধীৰু গোৱালাই কহঁৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ৷ ঘৰুৱা কাজিয়াৰ ফলত এই ঘটনা সংঘটিত হয় ।
অভিযুক্ত পিতৃৰ মতে দীৰ্ঘ দিন ধৰি সৰু পুত্ৰ ঔম প্ৰকাশে মদ্যপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল ৷ মঙলবাৰে নিশা ঔমপ্ৰকাশে কোৰ, কুঠাৰ লৈ পিতৃক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিছিল৷
কিন্তু পিতৃ ধীৰু গোৱালাই পুত্ৰৰ হাতৰ পৰা কুঠাৰখন কাঢ়ি লৈ পুত্ৰক আঘাত কৰাৰ ফলত পুত্ৰৰ মৃত্যু হয় ৷ ইতিমধ্যে, ধীৰু গোৱালাক কহঁৰা আৰক্ষীয়ে জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৷