বোকাখাতঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কাজিৰঙা অঞ্চলৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক দেওবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে টাই আহোম ছাত্ৰ সন্থাৰ কাজিৰঙা শাখাই। বিগত বৰ্ষৰ দৰে এইবেলিও সংগঠনটোৱে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ স্বাৰ্থতে সম্বৰ্ধনা জ্ঞাপন কাৰ্যসূচী গ্ৰহণ কৰে। লগতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ ক্ষেত্ৰটো বিশেষ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে সংগঠনটোৱে।

আনুষ্ঠানিক কাৰ্যসূচীৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক নিজ-নিজ ঘৰতেই অভিনন্দন জনায় সংগঠনটোৰ বিষষাববীয়াসকলে।উল্লেখযোগ্য যে, কেৱল টাই আহোম জনগোষ্ঠীৰে নহয় বৰঞ্চ সকলো জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে কৰি এই সম্বৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে। ইফালে চৰকাৰে টাই আহোম জনগোষ্ঠীৰ প্ৰতি প্ৰদৰ্শন কৰি অহা প্ৰতাৰণা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৱে।

লগতে পঢ়কঃমহানগৰীত সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply