কাজিৰঙাত নিশা আৰক্ষীৰ গুলিচালনাৰ ঘটনা সংঘটিত হয় । আলফাৰ নামত দাবী কৰা ধন নিবলৈ অহা লোকলৈ আৰক্ষীৰ গুলিচালনা । কাজিৰঙা হালধিবাৰীৰ বালেশ্বৰ ধাবাৰ স্বত্বাধিকাৰীক আলফাৰ নামত ধন দাবী কৰিছিল ।
যোৱা নিশা দাবী কৰা ধন নিবলৈ আহোঁতে আৰক্ষীয়ে গুলিচালনা কৰে । ঘটনাৰ পিছতে আৰক্ষীয়ে ৰঞ্জিত অসম বুলি পৰিচয় দিয়া যুৱকক আটক কৰে । ধাবাৰ স্বত্বাধিকাৰী গৰাকীয়ে প্ৰকাশ কৰা মতে ৰঞ্জীত অসম নামৰ এজনে ফোন কৰিছিল ধন দাবী কৰিছিল।
অসম জাতীয় সেনাৰ নামত ধন দাবী কৰিবলৈ আহিছিল অকিদুৰ ৰহমান । ৰঞ্জিত অসমৰ নাম লৈ ধন দাবী কৰিছিল। দাবী কৰা ধন নি পলায়ন কৰোতেই আৰক্ষীয়ে খেদি খেদি ধৰে অকিদুৰক।
প্ৰথম অবস্থাত ৫০ হাজাৰ টকা বিচাৰিছিল যদিও ১০ হাজাৰ টকা দিয়ে বুলি কয়। আৰক্ষীয়ে ৰাজপথৰ ওপৰত এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীয়ে তিনি জাঁই গুলী কৰা বুলি প্ৰত্যক্ষ দৰ্শীয়ে প্ৰকাশ কৰিছে। অসামৰিক পোছাকত স্কৰপ্ৰিয় বাহনত আছিল আৰক্ষীৰ দলটো।
পৰৱৰ্তী সময়ত গোলাঘাটৰ আৰক্ষী অধীক্ষক আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা আৰক্ষীৰ অভিযানকাৰী দলে গোলাঘাট কছাৰীহাটৰ আকিদুৰ হুচেইন নামৰ এজন যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ অভিযান সময়ত পলাবলৈ চেষ্টা কৰা আকিদুৰ ৰহমানক আৰক্ষীয়ে ভৰিত গুলী মাৰি আহত কৰে ।

গোলাঘাটৰ SP, বোকাখাতৰ SDPO ৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি ইনভাসহ বাহনসহ আটক কৰে। নিশা AS01BZ 0231 নম্বৰৰ ইন’ভা গাড়ীখনত উঠি ধন নিব লৈ অহা যুৱকৰ এটা দলে আৰক্ষীৰ উপস্থিতিৰ বাবে পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়ত বোকাখাত আৰক্ষীয়ে সংগঠনটোয়ে ব্যৱহাৰ কৰা AS01 BZ 0231 নম্বৰৰ ইনভা গাড়ীলৈ গুলী নিক্ষেপ কৰে ৷
ধন দাবীৰ ঘটনাৰ লগত জড়িত আৰু আন দুজনক আজি আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰা যুবক দুজন নুমলীগড়ৰৰ ভাৰ্গব তামুলী আৰু গোলাঘাটৰ মহেন্দ্ৰ শইকীয়া। শুকুৰবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে আটক কৰে দুয়ো জনকে।