কাজিৰঙাঃ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ,বাগৰি আৰু অগৰাতলি বনাঞ্চলৰ অধীনত থকা কিছু অংশ পানীত বুৰ গৈছে ।
ঘাঁহনি এলেকা পানীৰ তলত বুৰ যোৱাত গঁড়,পহুকে আদি কৰি তৃণভোজী প্ৰাণীবোৰে ওখ ঠাইত আশ্ৰয় লৈছে ।
উদ্যানৰ দ এলেকাৰ লগতে ঘাঁহনি এলেকা পানীৰ তলত বুৰ যোৱাত বন্যপ্ৰাণী সমূহে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সম্ভাৱনা থকাৰ বাবে জখলাবন্ধাৰ পৰা বোকাখাটলৈ ৰাষ্ট্ৰীয় ঘাইপথছোৱা থকা প্ৰধানকৈ পাণবাৰী, হালধিবাৰী,কাঞ্চনজুৰিকে আদি কৰি “এনিমেল ক’ৰিডৰ”বোৰত যান-বাহনৰ গতিৰোধক বন বিভাগৰ লোকে স্থাপন কৰিছে ।
আৰু পঢ়কঃগৰাখহনীয়াৰ তাণ্ডৱ : বিদ্যালয় স্থানান্তৰ কৰাৰ বাবে অৰ্থ নাই শিক্ষকৰ
ইতিমধ্যে বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি কলিয়াবৰ আৰু বোকাখাত মহকুমা প্ৰশাসনে জখলাবন্ধাৰ পৰা বোকাখাতলৈকে ১৪৪ধাৰা জাৰি কৰি যান-বাহনৰ গতি ৪০ কিল’মিটাৰ তলত চলাবলৈ নিৰ্দেশ দিছে ।
নগাঁও আৰু গোলাঘাট জিলা পৰিবহন বিভাগেও প্ৰশাসন আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশ অমান্য কৰি তীব্ৰবেগে গাড়ী চলোৱা চালকক জৰিমণা বিহাৰ ব্যৱস্থা কৰিছে ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু দ এলেকাত থকা বন শিবিৰৰ তলত পানী সোমাইছে যদিও কোনো সমস্যাৰ সৃষ্টি হোৱা নাই বুলি উদ্যান কৰ্তৃপক্ষই মত প্ৰকাশ কৰিছে ।
ইপিনে উজনি অসমত ব্ৰহ্মপুত্ৰকে ধৰি আন নদীত পানী হ্ৰাস পোৱালৈ চাই দুই-এদিনতে ৰাষ্ট্ৰীয় উদ্যানখনতো পানী হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জনাইছে।