গুৱাহাটীঃ কাজিৰঙা তথা অসমক বিশ্ব দৰবৰাৰত আকৰ্ষণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে ইউৰোপৰ শ্লোভাকিয়ান আৰ্টিছ য়ানা বেডেনোৰভাই।
বিগত ১৪ টা দিনে অসমৰ পৰ্যটনস্থলী সমূহ পৰিভ্ৰমণ কৰি সংগ্ৰহ কৰিছে পৰ্যটকক আকৰ্ষণ কৰিব পৰা দৃশ্য। ৰং তুলিকাৰে পাট-মুগা, কাপোৰত অংকণ কৰিছে সেই দৃশ্য সমূহ। অংকণ কৰা দৃশ্য সমূহ প্ৰদৰ্শন কৰা হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা ভৱনত। লগতে অসমৰ বিভিন্ন স্থানৰ পৰা অহা চিত্ৰশিল্পীৰ লগত অসমৰ পৰ্যটনস্থলী সমূহক কিদৰে বিশ্ব দৰবাৰত প্ৰতিস্থিত কৰিব পাৰি তাক লৈ আলোচনাত মিলিত হয়।
অসমৰ পৰ্যটনস্থলীসমূহ পাট-মুগা কাপোৰত অংকন কৰি ইউৰোপ তথা অন্যান্য বহিঃৰাষ্ট্ৰৰ অনুস্থান-প্ৰতিস্থানত প্ৰদৰ্শন কৰাৰ প্ৰয়াস হাতত লৈছে । য’ত বিদেশী পৰ্যটকে সেই দৃশ্য সমূহ দেখি অসমলৈ আহিবলৈ উৎসাহিত হৈ পৰিব বুলি মন্তব্য কৰিছে চিত্ৰশিল্পী য়ানা বেডেনোৰভাই। শিল্পী গৰাকীয়ে অংকণ কৰোতে ব্যৱহাৰ কৰিছে এক বিশেষ ৰং। কেৱল অসমতে উপলব্ধ বিৰল প্ৰজাতিৰ ৰং হেঙুল হাইতাল।
উল্লেখযোগ্য যে, অসমৰ গোৱালপাৰাৰ সন্তান তথা অলকেশ দত্তৰ লগত বিবাহপাশত আবদ্ধ হৈছে ইউৰোপৰ য়ানা বেডানোচৰভা । এই সকলো কামকাজত মূলত সহায় সহযোগ আগবঢ়াইছে অসমৰ পৰ্যটন বিভাগে।