কাজিৰঙাঃ কাজিৰঙাত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বন বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে গোলাঘাট, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং পাঁচ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ সৈতে কাজিৰঙাৰ বৰগছ ৰিজৰ্টত মুখ্যমন্ত্ৰীৰ বৈঠক।

আগন্তুক বাৰিষা আৰু বানপানীৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

আৰু পঢ়কঃগহপুৰত এম্বুলেঞ্চত কাছৰ মাংস নি থকা অৱস্থাত দুজনক গ্ৰেপ্তাৰ

এই বৈঠকতে কাজিৰঙাৰ সুৰক্ষাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাজিৰঙাৰ বন সুৰক্ষা বাহিনীক উন্নত প্ৰশিক্ষণ দিয়া হ’ব।

মান্দাকাটাত এই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব বন বিভাগে। চোৰাংচিকাৰী ৰুধিবলৈ বিশেষ বন সুৰক্ষা বাহিনীত নতুন সংযোজন। এতিয়াৰে পৰা বাহিনীটোত থাকিব এজন অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু এজন DSP।

কাজিৰঙাৰ চুবুৰীয়া গাঁৱৰ বাসিন্দাক অগ্ৰাধিকাৰ দি নতুন পদক্ষেপ ল’ব চৰকাৰে। পৰ্যটকৰ সুবিধাৰ বাবে বহু আঁচনি গ্ৰহণৰ সিদ্ধান্ত লৈছে চৰকাৰে। পৰ্যটকৰ বাবে নগাঁও আৰু গোলাঘাটত স্থায়ী হ’ব হেলিপেড।

এই পৰ্যালোচনা বৈঠকত অজন্তা নেওগ, কেশৱ মহন্ত, অতুল বৰা, পৰিমল শুক্লবৈদ্য তথা বিধায়ক বিশ্বজিৎ ফুকন, বিধায়ক বিদ্যাছিং ইংলেঙ উপস্থিত থাকে।

বৈঠকত উপস্থিত থকা গোলাঘাট, নগাঁও, কাৰ্বি-আংলং, বিশ্বনাথ আৰু শোণিতপুৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলক বানপানীৰ সময়ত যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply