কাজিৰঙাঃ উৰুকাৰ দিনটোতেই কাজিৰঙাত উত্তপ্ত পৰিস্থিতি। মাছ মৰাক কেন্দ্ৰ কৰি বিগত বছৰসমূহৰ দৰে এইবাৰো কাজিৰঙাত সৃষ্টি হৈছে উত্তেজনা।
উৰুকাৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৎস্য চিকাৰৰ এক পৰম্পৰা চলি আহিছে। সেই অনুসৰি কাজিৰঙাতো মাছ ধৰিবলৈ ওলাই আহিছিল স্থানীয় ৰাইজ। কিন্তু আৰক্ষী আৰু বন বিভাগৰ লোকে স্থানীয় লোকক মৎস্য চিকাৰত বাধা প্ৰদান কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
বোকাখাত মহকুমাৰ অন্তৰ্গত হালধীবাৰী আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত নহৰুবস্তি, কাঞ্চনজুৰী, দেউচুৰ আদি অঞ্চলত মৎস্য চিকাৰ কৰিবলৈ ওলাই আহিল শ শ লোক। ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ কেইবাখনো গাঁৱৰ লোক ওলাই আহিল ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বিলত মৎস্য চিকাৰ কৰিবলৈ।
বন বিভাগৰ লগতে আৰক্ষীৰ বিৰুদ্ধে বিক্ষোদগাৰ প্ৰকাশ কৰি পথ অৱৰোধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। যাৰ ফলত তীব্ৰ যান-যঁটৰ সৃষ্টি হয়।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া একাংশ বিলত মাঘৰ বিহুৰ উৰুকাৰ দিনা স্থানীয় লোকক মাছ মৰাৰ সুবিধা বন বিভাগে প্ৰদান কৰি আহিছিল ৷
কিন্তু শেহতীয়াকৈ কলিয়াবৰ, বোকাখাত মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি কৰি মৎস্য চিকাৰত বাধা প্ৰদান কৰিছে। সেয়েহে স্থানীয় লোকসকলে পথ অৱৰোধৰ দৰ কাৰ্যসূচী হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে।