কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তত ঢেকীয়া পতীয়া বাঘে কেমেৰাৰ সন্মূখত ছাগলী ধৰা দৃশ্য

স্বপন নাথ, কাজিৰঙা : বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁ দৰ্শন কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত যদিও এতিয়া সততে দেখা নোপোৱা ঢেকীয়া পতীয়া বাঘ অৰ্থাৎ ৰয়েল বেংগল টাইগাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত দেখা পোৱাটো এক সহজ লভ্য দৃশ্য হৈ পৰিছে ।

যিবোৰ দৃশ্যৰ কাৰণে মাহ মাহ ধৰি এজন চিত্ৰ গ্ৰহণকাৰীয়ে অপেক্ষা কৰিব লাগে তেনেবোৰ দৃশ্য এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সহজ হৈ পৰিছে ।  ৰাষ্ট্ৰীয় উদ্যানখনত এটাৰ পিছত এটাকৈ বিৰশ দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে চিত্ৰ গ্ৰহণকাৰীয়ে । প্ৰাকৃতিক পৰিবেশত সাধাৰণতে কোনোবাই বন্যপ্ৰাণীৰ কিছু বিৰল দৃশ্য এটা মুহুৰ্তৰ বাবে দেখা পালেও কেমেৰাত বন্দী কৰাটো বৰ কঠিন ।

কাজিৰঙাৰ টুৰিষ্ট গাইড কাকু শইকীয়া, বিশ্বজিৎ চেত্ৰী আদিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ঢেকীয়া পতীয়া বাঘৰ জলকেলি , গঁড়ৰ খেদাত বন ৰজাৰ পলায়ণ, এজাক উদৰ খেদাত বন ৰজাৰ পলায়ণ আদি বিৰল দৃশ্য কেমেৰাত বন্দী কৰাৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলত এটা প্ৰকাণ্ড ঢেকীয়া পতীয়া বাঘে এটা ছাগলী দিনৰ পোহৰতেই কেমেৰাৰ সন্মূখত ধৰি গুৰু গম্ভীৰ খোজেৰে উদ্যানৰ ভিতৰলৈ প্ৰবেশ কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত ।

জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত কালি আবেলি প্ৰতি দিনৰ দৰে সীমান্তত বসবাস কৰা লোকৰ কেইবাটাও ছাগলী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বিচৰণ কৰি আছিল । হঠাৎ এটা প্ৰকাণ্ড ঢেকীয়া পতীয়া বাঘে অৰণ্যৰ মাজৰ পৰা ওলাই আহি এটা ছাগলীক ধৰি পুনৰ ৰাজকীয় খোজেৰে উদ্যানৰ ভিতৰত প্ৰবেশ কৰে । এই সম্পূৰ্ণ দৃশ্যটো কেমেৰাত বন্দী কৰি ৰাখিবলৈ সক্ষম হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গবেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ইতিমধ্যে এই দৃশ্য উদ্যান কৰ্ত্তৃপক্ষই সামাজিক মাধ্যমত প্ৰচাৰ কৰাত সাংঘাতিক গুৰুত্ব লাভ কৰিছে । উল্লেখ্য এনে ধৰণৰ সততে দেখা নোপোৱা দৃশ্যবোৰ প্ৰচাৰ হৈ থাকিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি দেশ – বিদেশৰ পৰ্যটক আৰু অধিক আকৰ্ষিত হব । যাৰ ফলত উদ্যান কৰ্ত্তৃপক্ষই অধিক ৰাজহ সংগ্ৰহ কৰাৰ উপৰিও পৰ্যটন ব্যৱসায়ীয়ে অধিক অৰ্থ উপাৰ্জন কৰাৰ থল আছে বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে ।

 লগতে পঢ়ক তালিবানক সমৰ্থন কৰি দৰঙত গ্ৰেপ্তাৰ এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply