মাঘ বিহুৰ দিনাও কাজিৰঙাত মৎস্য চিকাৰক লৈ উদ্যানৰ সমীপবৰ্তী এচাম লোকৰ সৈতে সংঘাত অব্যাহত থাকে নগাঁও জিলা প্ৰশাসনৰ। ভোগালীৰ উৰুকাৰ মৎস্য চিকাৰৰ ক্ষেত্ৰত ১৪৪ ধাৰা জাৰি কৰিছিল যদিও সেইয়া নামতহে হ’ল।
ভোগালীৰ মৎস্য চিকাৰ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বাধা আৰোপ কৰিছিল যদিও অৱশেষত ৰাইজৰ ওচৰত সেও মানিলে বন বিভাগে। উৰুকাৰ দিনটোত বুঢ়াপাহাৰ বনাঞ্চলৰ বিভিন্ন এলেকাত প্ৰতিবাদী গঞাৰ সমুখত হাৰ মানি অৱশেষত মৎস্য চিকাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিবলৈ বাধ্য হ’ল প্ৰশাসন তথা বন বিভাগ।
শুকুৰবাৰে পুৱা কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ অধীনৰ হালধিবাৰীৰ কালমুখৰ উদ্যানৰ সমীপৰ বিলত মৎস্য চিকাৰৰ অনুমতি প্ৰদান কৰে বন বিভাগে।
আনহাতে, উদ্যানৰ শীৰ্ষ বিষয়াই অনুমতি প্ৰদান কৰাৰ পাছতো মাছ মাৰিবলৈ অহা একাংশ লোকক মাৰপিটৰ অভিযোগ কহঁৰাৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈৰ নেতৃত্বত অহা বন বিভাগৰ এটা দলৰ বিৰুদ্ধে।
বিষয়া গৰাকীৰ নেতৃত্বত একাংশ লোকক প্ৰহাৰ কৰি এখন চাইকেল ভঙাৰ লগতে মাছ ধৰিবলৈ যোৱা লোকৰ পৰা মাছ ধৰা সামগ্ৰী কাঢ়ি অনাৰ অভিযোগ উত্থাপিত হৈছে। বিষয়াগৰাকীৰ নেতৃত্বত স্থানীয় লোকক প্ৰহাৰ কৰাৰ পিছতেই আজিও ক্ষুব্ধ হৈ পৰে হাতিখুলী, হালধীবাৰী আদি অঞ্চলৰ পৰা যোৱা লোকসকল।
লগতে পঢ়ক- পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত আয়োজন কৰিলে ম’হ যুঁজ